জোনাই, 12 ছেপ্টেম্বৰ:সদৌ অসম পলিটেকনিকসমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি পলিটেকনিতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অবিৰত কৰ্মবিৰতি পালন কৰিছে ৷ চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিকত প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যোৱা 10 টা মাহে লাভ কৰা নাই দৰমহা (Dhemaji Polytechnic employees on indefinite strike)৷
দহ মাহ ধৰি নিম্নতম দৰমহা লাভ নকৰাৰ ফলত চৰম সংকটত দিন কটাইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰিয়ালে ৷ সোমবাৰে পুৱা ১০ বজাৰ পৰা ধেমাজি পলিটেকনিকৰ চৌহদত অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদকাৰীসকলে আমাৰ দৰমহা বৃদ্ধি কৰক, চতুৰ বৰ্গ কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, আমাৰ জীৱনৰ মূল্য আছে শীৰ্ষক দাবী সম্বলিত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে ৰাজ্যত প্ৰতিদিনেই নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে ৷ তেনে সময়তে কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ ধনকেইটাও নাপালে কেনেকৈ পৰিয়াল চলাব বুলি ক্ষোভ প্ৰকাশ কৰে ৷ 2017 চনত স্থাপিত প্ৰতিষ্ঠানখনত কৰ্মৰত কৰ্মচাৰীসকলে দৰমহাৰ ধন মোকলাই দিয়াৰ দাবী জনাই বহু আবেদন নিবেদন জনোৱাৰ পিছতো গুৰুত্ব দিয়া নাই বুলি কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগী সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷