ধেমাজি, 7 মাৰ্চ : ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো সম্প্ৰতি নতুন নহয় ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে , সিমানে এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷ সেয়েহে আৰক্ষীয়েও এই লৈ অধিক সতৰ্কতাৰে অভিযান চলাই জব্দ কৰি আহিছে চোৰাংকৈ অনা পশুধনসমূহ (Illegal Cattle Smuggling) ৷
ইয়াৰমাজতে, সোমবাৰে ধেমাজিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই AS-01LC7970 আৰু MN-0303176 নম্বৰৰ দুখনকৈ গৰুভৰ্ত্তি ট্ৰাক জব্দ কৰা (Dhemaji police seized trucks carrying cattle) ৰ লগতে পাঁচজনকৈ সৰবৰাহকাৰীক আটক কৰিছে (Cattle smuggler arrest in Dhemaji ) ৷ এই সৰবৰাহকাৰীকেইজন ক্ৰমে, আবুল কালাম(37), আমিৰ উদ্দিন (26), ৰফিকুল আলি (20), চফিকুল ইছলাম (32) আৰু এম, ডি, চালামত(50) বুলি ধেমাজিৰ অতিৰিক্তি আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷