ধেমাজি, 7 ছেপ্টেম্বৰ: ধেমাজি সদৰ আৰক্ষীৰ বৃহৎ সফলতা । ধাৰাবাহিক অভিযানৰ মাজতে বুধবাৰে পুনৰ উদ্ধাৰ কৰিলে ১৬ খনকৈ চুৰি বাইক ৷ এই পৰ্যন্ত ধেমাজি আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২৮ খন চুৰি হোৱা বাইক(Stolen bike rescued in Dhemaji)৷
বুধবাৰে উদ্ধাৰ হোৱা মটৰ চাইকেলৰ ভিতৰত তিনিখন ৰয়েল এনফিল্ড, য়ামাহা R15 দুখন, হিৰো গ্লেমাৰ ১৫ খন, হিৰো স্প্লেণ্ডাৰ 5 খন, হিৰো পেছন এখন আৰু স্কুটি দুখন ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ধেমাজি আৰক্ষীয়ে 9 খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে বাইক চুৰি চক্ৰটোৰ লগত জড়িত দহজন লোকক আটক কৰিছিল (Bike thief in Dhemaji)৷