ধেমাজি, 26 মাৰ্চ: শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ 47 টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই ভোট গ্ৰহণকলৈ অতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ আন আন জিলাসমূহৰ দৰে ধেমাজি জিলা প্ৰশাসনো সাজু হৈছে ভোটগ্ৰহনৰ বাবে ৷ জিলাখনৰ ১১৩নং ধেমাজি বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ সামগ্ৰীসমূহ লৈ ডিআৰডিএ প্ৰাংগনত সাজু হৈছিল পুলিং, প্ৰিজাইডিং অফিচাৰ আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ লোক সকল ৷ কিন্তু সেই সময়তে ঘটিল অথন্তৰ ৷
প্ৰাপ্য মাননি নাপাই ধেমাজিত আৰক্ষী জোৱানৰ ক্ষোভ - Assam elections 2021
47 টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণকলৈ ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ আন আন জিলাসমূহৰ দৰে ধেমাজি জিলা প্ৰশাসনো সাজু হৈছে ভোটগ্ৰহনৰ বাবে ৷ জিলাখনৰ ১১৩নং ধেমাজি বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ সামগ্ৰীসমূহ লৈ ডিআৰডিএ প্ৰাংগনত সাজু হোৱাৰ সময়তে আৰক্ষী জোৱানসকলে প্ৰাপ্য মাননি নাপাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷
![প্ৰাপ্য মাননি নাপাই ধেমাজিত আৰক্ষী জোৱানৰ ক্ষোভ প্ৰাপ্য মাননি নাপাই ধেমাজিত আৰক্ষী জোৱানৰ ক্ষোভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11167066-137-11167066-1616750140906.jpg)
নিৰ্বাচনী কাৰ্যত নিয়োজিত হ'বলগীয়া আৰক্ষী জোৱানসকলে প্ৰাপ্য মাননি নাপাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ অভিযোগ মতে, নিৰ্বাচনী কৰ্তব্য সম্পাদন কৰিবলৈ আহি আৰক্ষী, কনিষ্টবল, গৃহৰক্ষী জোৱানসকলে কেইবাদিনো ধৰি অনাহাৰে কটাব লগীয়া হৈছে ৷ এই ক্ষেত্ৰত প্ৰশাসনে কোনো খবৰ নোলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বৰঞ্চ প্ৰাপ্য মাননি আদায় নিদিয়াৰো চৰম প্ৰবঞ্চনা কৰিছে বুলি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে নিৰাপত্তাৰ দায়িত্ব নিয়োজিত জোৱানসকলে ৷
লগতে পঢ়ক:নিৰ্বাচনী ব্যস্ততাৰ মাজতে ডিগবৈৰ বালিজানত ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি