অসম

assam

ETV Bharat / state

Dhemaji Police in debt: 60 লাখ টকা বাকী কৰি তেল ডিপো দেউলীয়া কৰিলে ধেমাজি আৰক্ষীয়ে - dhemaji police have to repay a debt of rs 60 lakh

অনিদিষ্ট কাললৈ তলা ওলমিল এটা পেট্ৰ’ল ডিপোত (Petrol pump locked in Dhemaji) ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ধন পৰিশোধ নকৰাৰ অভিযোগ কৰ্তৃপক্ষৰ ৷

Dhemaji Police in debt
Dhemaji Police in debt

By

Published : Nov 9, 2022, 9:41 PM IST

ধেমাজি, 9 নৱেম্বৰ:অৱশেষত ধনৰ অভাৱত অচল হৈ পৰা ধেমাজি সদৰৰ মহাবক্স পেট্ৰ’ল ডিপোৰ কৰ্তৃপই নিজে বন্ধ কৰিবলৈ বাধ্য হ’ল তেল ডিপোটো (Petrol pump locked in Dhemaji) ৷ আৰক্ষী প্ৰশাসনে তেল ডিপোক অনাদায়ী ধন পৰিশোধ নকৰাৰ বাবেই ধেমাজি সদৰত বন্ধ হৈ পৰে অতি পুৰণি এই তেলৰ ডিপোটো (Dhemaji police not repay fuel bill) ৷ ডিপোৰ কৰ্তৃপক্ষই অভিযোগ কৰা মতে ধেমাজি সদৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ধেমাজি চাৰিআলিস্থিত মহাবক্স মালচন্দ নামৰ ইণ্ডিয়ান অইলৰ ডিপোক পৰিশোধ কৰিবলৈ আছে প্ৰায় ষাঠি লক্ষাধিক টকা ।

এইক্ষেত্ৰত আৰক্ষী অধীক্ষকলৈ জনোৱা আৱেদনত উল্লেখ কৰা মতে, আৰক্ষী বিভাগে পৰিবহনৰ ব্যয় কৰা ধনৰাশি অনাদায় হৈ আছে (Dhemaji Police in debt) ৷ 2019 বৰ্ষত লোকসভা নিৰ্বাচনত 9,47,551 টকাৰ তেল ডিপোটোৰ পৰা ক্ৰয় কৰিছিল ধেমাজি আৰক্ষীয়ে ৷ একেদৰে 2021ৰ বিধানসভা নিৰ্বাচনত 14,12,053 টকা, 2017 চনৰ বিধানসভা উপনিৰ্বাচনত 4,21,000 টকাৰ আৰু সাধাৰণভাৱে 2022 চনৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ 32,09,058 টকা ৷

60 লাখ টকা বাকী কৰি তেল ডিপো দেউলীয়া কৰিলে ধেমাজি আৰক্ষীয়ে

মুঠ 59,89,662.00 অনাদায় ধনৰাশি বিচাৰি ডিপোৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ক বাৰম্বাৰ আবেদন কৰা হৈছিল ৷ কিন্তু আজিকোপতি নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ত আৰক্ষী বিভাগে পৰিশোধ নকৰিলে তেল ডিপোক ফুটাকড়ি এটাও ৷ বৰঞ্চ শেহতীয়াকৈ ডিপোটোৰ সন্মুখতে আৰক্ষী যোৱা তিনিদিন ধৰি হেলমেট পৰিধান নকৰা লোকসকলক জৰিমনা বিহাৰ দৰে কাৰ্য অব্যাহত ৰাখিছে ৰহস্যজনকভাৱে ৷

ডিপোলৈ তেল ক্ৰয় কৰিবৰ বাবে অহা বাহন সমূহ আতঁৰাই পঠিয়ায় চেকিঙত থকা নিৰাপত্তাৰক্ষী সকলে ৷ ফলস্বৰূপে যোৱা তিনিদিনে গ্ৰাহক নহাৰ ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰা মহাবক্স মালচন্দ কৰ্তৃপক্ষই উপায়ন্তৰ হৈ বুধবাৰে বিয়লি অনিদিষ্টকাললৈ বাবে তলা বন্ধ কৰে ডিপোটোৰ ৷

ডিপোটোৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত ইতিমধ্যে ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবেদন প্ৰদান কৰাৰ সমান্তৰালভাৱে প্ৰতিলিপি গৃহ বিভাগৰ সচিৱ, সাংসদ প্ৰদান বৰুৱা, শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সচিবৰ লগতে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ পাচত অনাদায় ধনৰাশি কেতিয়াকৈ ডিপো কৰ্তৃপক্ষই ঘূৰাই পায় সেয়াহে লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক:Tejaswita Baruah death: কি পালে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তত ?

ABOUT THE AUTHOR

...view details