ধেমাজি ,২৫, মাৰ্চঃৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰক উন্নত যোগাযোগ-যাতায়ত ব্যৱস্থা প্ৰদানত বদ্ধপৰিকৰ বুলি কৈ অহাৰ সময়তে দৈনিক ধন দি পাৰঘাটেৰে অহা যোৱা কৰিবলগীয়া হৈছে জনসাধাৰণে । দেশে স্বাধীনতা লাভ কৰাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিছতো ধেমাজিৰ কপাহতলি পাৰঘাটত আজিকোপতি নিৰ্মাণ নহল এখন পকী দলং । ফলত ধেমাজি সদৰৰ সৈতে নৰক যন্ত্ৰণাৰে যাতায়ত কৰিবলগীয়া হৈছে ৰাংকপ বাউলী ,খজুৱা , বৰলুং আৰু চিচিকলঘৰবাসীয়ে । বাৰিষা নাৱেৰে আৰু খৰালি বাঁহৰ দলঙেৰে অহা যোৱা কৰোতে ১০ টকাৰ পৰা ৫০ টকা পৰ্যন্ত আদায় দিবলগীয়া হয় পাৰঘাটৰ কৰ্তৃপক্ষক ।
বিশেষকৈ জৰুৰীকালীন অৱস্থাত ৰোগীকচিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত অবৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন হোৱা জনসাধাৰণৰ বাবে এতিয়া পৰিৱৰ্তন , উন্নয়নৰ অৰ্থ নিৰৰ্থক । কেৱল আক্ষৰিক অৰ্থতহে উন্নয়ন হৈছে তেওঁলোকৰ বাবে ।