ধেমাজি, ২ জানুৱাৰী : জীৱন... ৷ প্ৰত্যেকৰে মতে জীৱনৰ সংজ্ঞা ভিন্ন ৷ জীৱন মানে কাৰোবাৰ মতে এক সংগ্ৰাম ৷ আন কাৰোবাৰ মতে জীৱন হৈছে সফলতাৰ এক মাপকাঠি ৷ কোনো উৰুখা পঁজাত পুৱাৰ শেতেলি ত্যাগ কৰি কোনো শ্ৰমিক, মজদুৰ, হকাৰ বা খাটিখোৱা লোকে সাধাৰণতে দিনটোৰ আৰম্ভণি ব্ৰেকফাষ্ট অথবা প্ৰাতঃভ্ৰমণেৰে আৰম্ভ নকৰে । এয়া যেন বহুতৰে বাবে বিলাসিতা !
ইয়াৰ বিপৰীতে এইসকল লোকৰ কোনোৱে যদি দা বা কোৰখন লৈ বোৱাৰী পুৱাতে ঘৰৰ পৰা ওলাই যায়, আন কোনোৱে আকৌ দেশ-বিদেশৰ বহু খবৰ টোপোলাত কঢ়িয়াই বিলাই যায় ৰাইজক৷ এয়াই তেওঁলোকৰ বাবে জীৱন...
আপুনি বাৰু কেতিয়াবা মন কৰিছেনে, আপুনি শেতেলিত থাকোতেই যিজন মানুহে দেশ-বিদেশৰ সকলোবোৰ মেটমৰা খবৰ সামৰি বাতৰি কাকতখন আপোনাৰ পদুলিত দি থৈ যায় সেইজন মানুহক ? কেতিয়াবা বাৰু জুমি চোৱাৰ চেষ্টা কৰিছেনে তেওঁৰ ভিতৰখন ?
কোনোবাই বাৰু ৰাখিছেনে এই খবৰ বিলোৱা মানুহকেইজনৰ খবৰ ! কিন্তু সেই মানুহকেইজনৰ বাবে প্ৰতি পুৱাই হাতত একাপ চাহ লৈ ৰৈ থাকে আপুনি বা মই ৷ কেতিয়াবা হয়তো আপুনি ভাবে- কিয় ইমান পলম হৈছে আজি পেপাৰখন দিওতে !
এনেকৈ দেশ-বিদেশৰ খবৰ বিলোৱা ধেমাজিৰ এজন লোক হৈছে ডালিম দাস ৷ ধেমাজি সদৰৰ অন্যতম কাকত এজেন্সী সত্ৰ বুক ষ্টলৰ স্বত্বাধিকাৰী ডালিম দাসে ১৯৯৫ চনৰে পৰা ধেমাজিবাসীক পুৱা-আবেলি কাকত যোগান ধৰি আহিছে ৷ প্ৰচণ্ড শীত অথবা উৎকট গৰম, বাৰিষাৰ বৰষুণ, বানপানী আদি সকলো সময়তে পঢ়ুৱৈৰ হাতত পুৱাই খমখমীয়া কাকতখন তুলি দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে তেওঁ ৷
আনকি প্ৰচণ্ড শীতৰ সময়তো আনে গৰম কাপোৰৰ মাজত শুই থকাৰ সময়ত প্ৰত্যকজন হকাৰে পুৱা ৩-৪ বজাতেই সাৰ পায় ৷ তাৰ পাচতে প্ৰত্যেক দিনাই কৰি যায় নিত্য নৈমত্তিক কাম কাজবোৰ ৷ প্ৰথম অৱস্থাত গুৱাহাটীৰ পৰা অহা নৈশ বাছত কাকতৰ টোপোলা আহিছিল ৷