ধেমাজি,২৬ মাৰ্চ:নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষকৈ নতুন ভোটাৰসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে একাংশ জিলাৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । কিন্তু অসমৰ এখন জিলাৰ প্ৰশাসনৰ ব্য়তিক্ৰমী পদক্ষেপ । ভোটদান কৰি নিজৰ ছেল্ফি প্ৰেৰণ কৰি ভাগ্যৱান এজনে হ'ব পাৰিব জিলাখনৰ এগৰাকী সহকাৰী আয়ুক্ত । আচৰিত যেন লাগিলেও এই ঘোষণা কৰিছে ধেমাজি জিলা প্ৰশাসনে ।
নতুন ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে এই ব্যতিক্ৰমী পদক্ষেপ লৈছে ধেমাজি জিলা প্ৰশাসনে । জিলাখনৰ উপায়ুক্ত ড০ জীৱন বিয়ে জনোৱা মতে ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ভোটাৰৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে । ২৭ মাৰ্চত ভোটাধিকাৰ সাব্যস্ত কৰি ভোটকেন্দ্ৰৰ সন্মুখত আঙুলিত দিয়া চিয়াঁহী দেখুৱাই ছেল্ফি তুলিব লাগিব আৰু সেই ফটো নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিব লাগিব ।