অসম

assam

ETV Bharat / state

ধেমাজিৰ কাছাৰী ময়দানত মিছিং জাতীয় সংগঠনৰ বিশাল সমাৰোহ - Batank Samaroh in Dhemaji

মিছিং জনগোষ্ঠীৰ যুৱক-যুৱতীক স্বনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে ধেমাজিৰ কাছাৰী ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক বিশেষ অনুষ্ঠানৰ(Special Meeting of Mising Tribe) । বা=টাক অৰ্থাৎ গাঁও সমিতিৰ সমাৰোহ অনুষ্ঠিত কৰি বিভিন্ন বিষয়ত আলোচনা কৰে(Batank Samaroh in Dhemaji) ।

dhemaji mising comunity conference
ধেমাজি কছাৰী ময়দানত মিছিং জাতীয় সংগঠনৰ বিশাল বাঃতাক সমাৰোহ

By

Published : Sep 30, 2022, 9:51 AM IST

ধেমাজি,৩০ ছেপ্টেম্বৰ:ধেমাজিৰ কাছাৰী ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মিছিং জাতীয় সংগঠনৰ বিশাল বা=টাক সমাৰোহ(Batank Samaroh in Dhemaji) । ৰাজ্যৰ ভয়াৱহ নিবনুৱাৰ সমস্যাৰ মাজতে মিছিং জনগোষ্ঠীৰ যুৱক-যুৱতীক স্বনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মিছিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজিৰ কাছাৰী ময়দানত বা=টাক(গাঁও সমিতি) সমাৰোহ অনুষ্ঠিত কৰা হয়(Mising community conference Dhemaji) ৷

ধেমাজিৰ কাছাৰী ময়দানত মিছিং জাতীয় সংগঠনৰ বিশালবা=টাক সমাৰোহ

গাঁও সমিতিসমূহে জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ সৈতে মতবিনিময় জৰিয়তে বৰ্তমান সময়ত খাপ খাব পৰাকৈ মানৱ সম্পদ গঢ়ি তোলাৰ সমান্তৰালভাৱে অৰ্থনৈতিকভাৱে স্বচ্ছল হ'ব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়(Special Meeting of Mising Tribe) । TMPKৰ জিলা সমিতিৰ সভাপতি হৰিশ্চন্দ্ৰ কামানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত উপস্থিত থাকে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, TMPKৰ সভাপতি ৰাজকুমাৰ মৰাঙ ,MMKৰ সভাপতি সুনীল পেগু ,TMKKৰ সম্পাদিকা শৰ্মিলা পায়েঙকে ধৰি কেইবাটাও সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক বিষয়ববীয়াৰ লগতে ১৭৬খন গাঁও সমিতিৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ইফালে মুখ্য অতিথি হিচাপে উপস্থিত থকা মিছিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই নিজৰ ভাষণ প্ৰসংগত কয় যে, এই সমাৰোহৰ জৰিয়তে মনত পুহি ৰখা ইচ্ছা শক্তি জাগ্ৰত কৰি উঠি অহা যুৱক যুৱতীসকলে আগন্তুক দিনত ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিব ৷

লগতে পঢ়ক:নতুন দিল্লীত চিন্তন বৈঠকত সোণোৱাল

ABOUT THE AUTHOR

...view details