অসম

assam

ETV Bharat / state

ধেমাজি টেকজুৰিত নাঙল ধোৱা পিঠা খোৱা পৰ্ব

চহা জীৱনৰে সংলগ্ন অসমৰ বিভিন্ন উৎসৱ । অসমীয়া চহা ৰাইজে ন-ভূঁই ৰোৱা পৰ্বৰে আৰম্ভ হোৱা কৃষিকৰ্ম সামৰে নাঙল ধোৱা পিঠা কোৱা পৰ্বৰে(Local Festival Nangal Dhuya Celebration by Farmers) । ধেমাজি টেকজুৰিত মটক জনগোষ্ঠীৰ পৰম্পৰাগত নাঙল ধোৱা পিঠি খোৱা পৰ্ব অনুষ্ঠিত কৰা হয় ।

dhemaji matak cmunity traditional program
ধেমাজি টেকজুৰিত নাঙল ধোৱা পিঠা খোৱা পৰ্ব

By

Published : Sep 12, 2022, 2:21 PM IST

ধেমাজি,১২ ছেপ্টেম্বৰ:খেতিয়কে ৰোৱাৰ কাম সামৰি ভাগৰ মাৰিবৰ বাবে পিঠা পৰিবেশন কৰে বুলি অসমীয়া সমাজত এক জনবিশ্বাস আছে । নাঙল-ধোৱা নামটোৰ পৰাই বুজিব পাৰি যে হালৰ কাম শেষ কৰি যিদিনা নাঙল ধুই-পখালি খেতিয়কে সুকীয়কৈ থয় সেই দিনাই পৰিয়ালৰ সকলো মিলি নাঙল-ধোৱা পিঠা তৈয়াৰ কৰে(Local Festival Nangal Dhuya Celebration by Farmers) ।

বিগত বৰ্ষৰ দৰে চহা মটক জনগোষ্ঠী ৰাইজেও দেওবাৰে সন্ধিয়াৰ পৰা নিশাভাগলৈকে পালন কৰিলে জনগোষ্ঠীটোৰ পৰম্পৰাগত নাঙল ধোৱা পিঠা খোৱা পৰ্ব অনুষ্ঠান ৷ ভক্তিৰসত নিমজ্জিত হ'ল ধেমাজি টেকজুৰি গাঁওবাসী ৷ গাঁওখনৰ ৰজাবাৰী বৰনামঘৰত ডেকা,বুঢ়া,গাভৰু,বোৱাৰী আৰু আইতা সকলে পৰম্পৰাগত পোচাক পৰিধান কৰি ব্যস্ত হৈ পৰে পিঠা বনোৱাত ৷

ধেমাজি টেকজুৰিত নাঙল ধোৱা পিঠা খোৱা পৰ্ব

চাউলখুন্দি পিঠা প্ৰস্তুত কৰি তাত নাৰিকলৰ মিশ্ৰণ,গুৰ আৰু তিল মিহলি কৰি তৈয়াৰ কৰা হয় ৷ ইয়াৰ পিছত তৰা পাতেৰে মেৰিয়াই উত্তলোৱা পানীত সিজাই খোৱাৰ বাবে উপযোগী কৰি তোলা হয় নাঙল ধোৱা পিঠা ৷ নামঘৰত গায়ন বায়নৰ দলটোৱে সেৱা লোৱাৰ পিছতে সকলোৱে একেলগে পিঠা খোৱা পৰ্ব আৰম্ভ কৰে(Rare occasion of Assamese culture) ৷

কৃষি কৰ্মৰ লগত জড়িত জনগোষ্ঠীৰ এই পৰম্পৰা স্বকীয় বৈশিষ্ট্যৰ পৰিপূৰ্ণ এই উৎসৱটো উঠি অহা প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিবৰ বাবেই প্ৰয়াস কৰা বুলি ব্যক্ত কৰিলে গাওঁবাসীয়ে । সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠান আৰু উৎসৱ হেৰাই যাবলৈ উপক্ৰম হোৱাৰ সময়ত ধেমাজি টেকজুৰিস্থিত মটক জনগোষ্ঠীটোৰ দল সংগঠন আৰু ৰাইজৰ পদক্ষেপ নিসন্দেহে প্ৰশংসনীয় ৷

লগতে পঢ়ক:পাঞ্জাবাৰীত কাৰ্বি ফিল্ম ছোচাইটি আৰু আৰ্টিষ্ট ফ'ৰাম গঠন

For All Latest Updates

ABOUT THE AUTHOR

...view details