ধেমাজি , 6 মে:সজাগতাৰ অভাৱে বিপৰ্যয় কঢ়িয়াইছে ৰাজ্যবাসীৰ মাজত ৷ বুধবাৰে ধেমাজীত মাছ মাৰিবলৈ নাপাই মীন বিষয়াক উভতি ধৰে একাংশ লোকে ৷ ঘটনা সন্দৰ্ভত জিলাখনৰ মাছখোৱা উন্নয়ন খণ্ডৰ অন্তগৰ্ত বৰলুং পঞ্চায়তৰ অধীনৰ লাইপুলীয়া নদীত স্থানীয় ৰাইজে মাছ মৰাৰ সম্ভেদ পাই ধেমাজি জিলা মীন বিভাগে ৷ ততাতৈয়াকৈ আৰক্ষী দলৰ সৈতে গৈ সেই স্থানত উপস্থিত হৈ মাছ মৰাত বাধা প্ৰদান কৰি কেইবাখন জাল জব্দ কৰে মীন বিভাগে ৷
মাছ মাৰিবলৈ নিদিয়াৰ বাবেই মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে - Dhemaji local people aggressive for not allow Fishing etv Bharat Assam
মাছ মৰাত বাধা দিয়াৰ বাবে অভিযানকাৰী দলটোৰ ওপৰত সৰৱ হৈ পৰে সকলো পুৰুষ মহিলা ৷ দলে-বলে হাতে হাতে লাঠী লৈ অভিযানকাৰী দলটোক পথত আগচি ধৰি জব্দ কৰা জালসমূহ ওভতাই বিচাৰে লোকসকলে ৷ অৱশেষত তিনিখন জাল বলপূৰ্বকভাবে ওভতাই লোৱাৰ পিছত হে অভিযানকাৰী দলটোক উক্ত স্থান পৰিত্যাগ কৰাৰ অনুমতি দিয়ে মাছমৰীয়া লোকসকলে ৷
![মাছ মাৰিবলৈ নিদিয়াৰ বাবেই মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে মাছ মাৰিব নিদিয়া বাবে মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7084982-429-7084982-1588766577709.jpg)
মাছ মাৰিব নিদিয়া বাবে মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে
মাছ মাৰিব নিদিয়া বাবে মীন বিভাগক উভতি ধৰিলে স্থানীয় ৰাইজে
আনহাতে মাছ মৰাত বাধা দিয়াৰ বাবে অভিযানকাৰী দলটোৰ ওপৰত সৰৱ হৈ পৰে সকলো পুৰুষ মহিলা ৷ দলে-বলে হাতে-হাতে লাঠি লৈ অভিযানকাৰী দলটোক পথত আগচি ধৰি জব্দ কৰা জালসমূহ ওভতাই বিচাৰে লোকসকলে ৷ অৱশেষত তিনিখন জাল বলপূৰ্বকভাবে ওভতাই লোৱাৰ পিছত হে অভিযানকাৰী দলটোক উক্ত স্থান পৰিত্যাগ কৰাৰ অনুমতি দিয়ে মাছমৰীয়াসকলে ৷