অসম

assam

ETV Bharat / state

চাৰিবছৰ খাজানা দিয়াৰ পাছতো ভূমি অধিকাৰৰ পৰা বঞ্চিত বহু পৰিয়াল - ভূমি সমস্যা

চাৰিবছৰ খাজানা দিয়াৰ পাছতো ভূমি অধিকাৰৰ পৰা বঞ্চিত ধেমাজিৰ ৰাজাখানাৰ বহু পৰিয়াল ৷ জোনাই ৰাজাখানাত আগছু, ভূমি অধিকাৰ সুৰক্ষা সমন্বয় সমিতিৰ ৰাজহুৱা সভা ৷

dhemaji-land-revenue-story
চাৰিবছৰ খাজানা দিয়াৰ পাছতো ভূমি অধিকাৰৰ পৰা বঞ্চিত বহু পৰিয়াল

By

Published : Sep 26, 2021, 8:47 PM IST

জোনাই, ২৬ ছেপ্টেম্বৰ : আগছুৰ ৰাজাখানা আঞ্চলিক সমিতি, ধেমাজি জিলা সমিতি আৰু জোনাই মহকুমা ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে ৰাজাখানা উচ্চ মাধ্যমিক বিদ্যালয়ত ভূমি সমস্যাৰ সন্দৰ্ভত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । ৰাজাখানা আঞ্চলিক আগছুৰ সভাপতি সঞ্জু মগৰে সভাপতিত্ব কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজাখানা আঞ্চলিক ভূমি সুৰক্ষা সমিতিৰ সভাপতি বীৰবাহাদুৰ লিম্বুৱে ।

চাৰিবছৰ খাজানা দিয়াৰ পাছতো ভূমি অধিকাৰৰ পৰা বঞ্চিত বহু পৰিয়াল

সভাত উপস্থিত থাকি আগছুৰ ধেমাজি জিলা সমিতিৰ আইনী উপদেষ্টা ৰাজু ছেত্ৰীয়ে কয়, ৰাজাখানা অঞ্চলৰ ৰাইজে ১৯৯৫ চনৰ পৰা চাৰিবছৰ ধৰি খাজানা আদায় দি অহাৰ পাছতো ভূমি পট্টনৰ পৰা বঞ্চিত হৈ আহিছে । শেহতীয়াকৈ অসম চৰকাৰে বন অধিকাৰ আইন-২০০৬ অধীনত বনাঞ্চলত থকা জনজাতি তথা পৰম্পৰাগত বনবাসী লোকক ভূমি অধিকাৰ প্ৰদানৰ ব্যৱস্থা হাতত লৈছে ৷

চৰকাৰৰ এই প্ৰক্ৰিয়াত ৰাজাখানা আৰু ছিগা অঞ্চলৰ বহু গাঁৱক সামৰি লৈ ইয়াৰ বাসিন্দা সকলৰ ভূমিৰ অধিকাৰ কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে ছেত্ৰীয়ে ।

ধেমাজিত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । সভাত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য লাল বাহাদুৰ ছেত্ৰী, ধেমাজি জিলা গোৰ্খা ছাত্র সন্থাৰ উপসভাপতি ভীম তামাং, ৰাজাখানা আঞ্চলিক সমিতিৰ সম্পাদক কিৰত ছেত্ৰী, উপদেষ্টা মন বাহাদুৰ ৰাউত, দিলীপ কুমাৰ লিম্বু, জিলা সদস্য লাল বাহাদুৰ ৰাইৰ লগতে গোৰ্খা সংগঠন সমূহৰ সকলো কৰ্মকৰ্তা উপস্থিত আছিল ৷

লগতে পঢ়ক :অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে : পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details