অসম

assam

ETV Bharat / state

ধেমাজি-লখিমপুৰত বাঢ়িছে এইচআইভি আক্ৰান্তৰ সংখ্যা - লক্ষীমপুৰ আৰু ধেমাজি

তিনি বছৰত লক্ষীমপুৰ আৰু ধেমাজি জিলাত এইচআইভিত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনৰ দুটা এনজিঅ’য়ে ৷

dhemaji lakhimpur increase aids disease
ধেমাজি-লখিমপুৰত বাঢ়িছে এইচআইভি আক্ৰান্তৰ সংখ্যা

By

Published : Dec 18, 2020, 1:21 PM IST

ধেমাজি, 18 ডিচেম্বৰ : ধেমাজি-লখিমপুৰত ক্ৰমাৎ বৃদ্ধি পাইছে এইচআইভিত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত তিনি বছৰত লক্ষীমপুৰ আৰু ধেমাজি জিলাত এইচআইভিত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে এইডচ নিয়ন্ত্ৰণৰ ওপৰত কাম কৰি থকা দুটা এনজিঅ'য়ে ৷

এইচআইভি আক্ৰান্ত গৰ্ভৱতী মহিলাসকলক চোৱা চিতা আৰু এইচআইভি প্ৰতিৰোধৰ বাবে কাম কৰি থকা "আহানা "নামৰ এনজিঅ'টোৰ ক্ষেত্ৰ কৰ্মী মনোজ বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়া মতে, যোৱা তিনি বছৰত লখিমপুৰ আৰু ধেমাজি জিলাত এইচআইভিত আক্ৰান্ত সকলৰ ভিতৰত আছে গৰ্ভৱতী মহিলা, প্ৰাপ্ত বয়স্ক লোক, 21 বছৰৰ উৰ্দ্ধৰ যুৱক যুৱতী ৷ ইতিমধ্যে আক্ৰান্ত গৰ্ভৱতী মহিলাসকলৰ পৰা সন্তানৰ দেহলৈ সংক্ৰমিত নহ'বলৈ অহৰহ কাম কৰি থকাৰ সত্বেও শতকৰা দুই এজন পজিটিভ ধৰা পৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ক্ষেত্ৰ কৰ্মীজনে ৷

ধেমাজি-লখিমপুৰত বাঢ়িছে এইচআইভি আক্ৰান্তৰ সংখ্যা

ইফালে, অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনত কাম কৰি থকা Targeted intervention project নামৰ ধেমাজিৰ আন এটা এনজিঅ’ৰ এগৰাকী বিষয়াই কয়, 'উপাৰ্জনৰ আহিলা হিচাপে একাংশ মহিলাই দেহৰ ব্যৱসায়ত নামি পৰিছে ৷ যিসকল মহিলাৰ দ্বাৰা এই ৰোগ সহজে আনৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে ৷'

গতিকে, এই ব্যাধিৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো পৰ্যায়তে সজাগতাৰ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে বিষয়াজনে ৷

লগতে পঢ়ক:নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details