ধেমাজি, 18 জানুৱাৰী : ধেমাজিত ৪৩ কোটি ৫৪ লাখ টকা ব্যায়েৰে কুমটীয়াত জীয়াঢ়ল নদীৰ ওপৰত নিৰ্মাণ হ‘বলগীয়া দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে ধেমাজিত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকৰে এক বাইক ৰেলীত অংশগ্ৰহণ কৰি চমৰাজানৰ সমীপত জীয়াঢল নদীৰ ওপৰত নিৰ্মাণ হ‘বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷
জীয়াঢ়ল নদীৰ ওপৰত নিৰ্মাণ হ‘বলগীয়া দলঙৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নগাঁও সংমণ্ডলৰ অধীনত নিৰ্মাণ ধেমাজিৰ কুমটীয়া জীয়াঢ়ল নদীৰ ওপৰত নিৰ্মাণ হ‘ব দ্বিতীয়খন দলং ৷ মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যায়েৰে নিৰ্মাণ হ‘ব দলংখন ৷
দলঙৰ আধাৰশিলা স্থাপনৰ পাছতে এখন সভাতো অংশ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত ভাষণ আগবঢ়াই বিজেপি চৰকাৰৰ দিনত ধেমাজিয়ে সকলো দিশতে উন্নয়নৰ জখলা বগাবলৈ সক্ষম হৈছে বুলি মন্তব্য় কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি নিৰ্মাণ হ‘বলগীয়া দলংখনৰ কাম আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ সোমবাৰৰ অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা , ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ কুমাৰ পেগুৰ লগতে অন্য কেবাগৰাকীও নেতা উপস্থিত থাকে ৷
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নগাঁও সংমণ্ডলৰ অধীনত নিৰ্মাণ হবলগীয়া এই দ্বিতীয়খন দলং সম্পূৰ্ণ হ‘লে জীয়াধল নদীৰ বান সমস্যা বহু পৰিমাণে লাঘৱ হব বুলি ধেমাজিবাসীয়ে আশা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলা