ধেমাজি,৭ মে'ঃ কৰ'ণা আতংকৰ মাজতে আগন্তুক বাৰিষাক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজিবাসীৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়ববীয়াসকল । এনেক্ষেত্ৰত ধেমাজিবাসীৰ চকুলো খ্যাত জীয়াঢল নদীৰ গতি বিধি পৰ্যবেক্ষণ কৰাৰ বাবে বৃহস্পতিবাৰে টেকজুৰি বৰ্মন গাঁৱৰ সমীপৰ জীয়াঢলৰ বুকুৰপাতিৰি চুকত উপস্থিত হয় ধেমাজিৰ বিধায়ক ৰণোজ পেগু আৰু লখিমপুৰ জলসম্পদ চক্ৰ অধীক্ষক অভিযন্তা অৰূপ বৰঠাকুৰ ।
নিয়ন্ত্ৰণ কৰা হ'ব জীয়াঢল নদীৰ গতিপথ - জীয়াঢল নদীৰ গতি বিধি পৰ্যবেক্ষণ
দুই কোটি টকা ব্যয় সাপেক্ষে নিয়ন্ত্ৰণ কৰিব জীয়াঢলৰ গতিপথ । বৃহস্পতিবাৰে ধেমাজিৰ জীয়াঢল নদী পৰিদৰ্শন কৰিলে বিধায়ক আৰু জলসম্পদ বিভাগৰ অভিযন্তাই ।
![নিয়ন্ত্ৰণ কৰা হ'ব জীয়াঢল নদীৰ গতিপথ dhemaji jiyadhol river observation by water resource department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7101154-thumbnail-3x2-a.jpg)
নিয়ন্ত্ৰণ কৰা হ'ব ধেমাজিৰ জীয়াঢল নদীৰ গতিপথ
নিয়ন্ত্ৰণ কৰা হ'ব ধেমাজিৰ জীয়াঢল নদীৰ গতিপথ
দুয়োগৰাকীয়ে নদীখনৰ গতিপথ পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত কয় যে, বাৰিষাৰ প্ৰাক্মুহূৰ্তত হ'লেও জীয়াঢল নদীক নিয়ন্ত্ৰণৰ বাবে কিছু পদক্ষেপ হাতত ল'ব বিচাৰিছে । চেনেল কাটিং আৰু পাকুপাইনৰ জৰিয়তে নদীখনৰ গতিপথ নিয়ন্ত্ৰণৰ বাবে প্ৰয়াস কৰিব । বিধায়কগৰাকীয়ে অৱগত কৰা অনুসৰি জীয়াঢলৰ গতিপথ নিয়ন্ত্ৰণৰ বাবে পাঁঁচ কোটি অসম চৰকাৰৰ পৰা বিচাৰিছিল যদিও অৱশেষত দুই কোটি অনুমোদন লাভ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাই বিধায়ক গৰাকীয়ে ৷