ধেমাজি, 3 জুলাই : ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা নদীৰ দলঙৰ পৰা বৃহস্পতিবাৰে পানীত পৰি নিখোজ হোৱা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ লগতে দুগৰাকী আৰোহীক অৱশেষত উদ্ধাৰ কৰা হয় ৷ এডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে যৌথভাবে অভিযান চলাই উদ্ধাৰ কৰে অভিশপ্ত ৰঙা আইটেন গাড়ীসহ টংকেশ্বৰ কলিতা আৰু সৰু জীয়েক কুকি কলিতাৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই গেলুৱা নদীৰ পাৰত আত্মীয় কান্দোনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।
অৱশ্যে বৰ্তমানো সন্ধানহীন হৈ আছে গাড়ীৰ চালক মনোৰঞ্জন মাহাতু । চালকৰ সন্ধানত পুনৰ উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে । আনহাতে টংকেশ্বৰ কলিতা পত্নী সাৱিত্ৰী কলিতা আৰু ডাঙৰ জীয়েক ৰিকি কলিতা বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ।
ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙত বৃহস্পতিবাৰে লীলাবাৰীৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এখন আই 10 বাহনখন দুৰ্ঘটনাত পতিত হৈ নদীত উটি যায় । দুৰ্ঘটনাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি পৰিয়ালটোৰ দুগৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও পানীৰ গভীৰ সোঁতত এএচ ০৭ এফ ২১৬৪ নম্বৰৰ বাহনসহ নিখোজ হৈ পৰে আন চালকসহ আন দুজন লোক ।