জোনাই, ৪ জুলাই:ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা নদীৰ দলঙৰ পৰা বৃহস্পতিবাৰে পানীত পৰি নিখোজ হোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ মৃতদেহটো অৱশেষত শনিবাৰে উদ্ধাৰ হয় ৷ ঘটনাস্থলীৰ পৰা প্ৰায় 4 কিল'মিটাৰ দূৰৈত উদ্ধাৰ হয় অভিশপ্ত আই টেন গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতু ওৰফে শৈলেনৰ (38) মৃতদেহ ।
ধেমাজি দুৰ্ঘটনাত সন্ধানহীন চালকৰ মৃতদেহ উদ্ধাৰ - ধেমাজি
শনিবাৰে পুৱা স্থানীয় এজন লোকে পথাৰৰ পৰা আহোতে চালক শৈলেনৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি এনডিআৰএফক অৱগত কৰে ।
শনিবাৰে পুৱা প্ৰায় 6 বজাত স্থানীয় এজন লোকে পথাৰৰ পৰা আহোতে চালক শৈলেনৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি এনডিআৰএফক অৱগত কৰে । বিগত তিনিদিনৰ পৰা উদ্ধাৰকাৰী দলটোৱে সন্ধানহীন তিনি আৰোহীক উদ্ধাৰ কৰিবলৈ সকলো কাৰ্য সম্পাদন কৰিছিল । আনহাতে নদীৰ কাষত শৈলেনৰ অপেক্ষাত তিনিদিন ধৰি ৰৈ আছে জ্যেষ্ঠ ভাতৃ নিৰঞ্জন মাহাতু । তিনি ককাই-ভাইৰ ভিতৰত সৰু আছিল চালক মনোৰঞ্জন মাহাতু । পুৱা নিৰঞ্জনে নিজেই টংকেশ্বৰ কলিতাৰ ঘৰত থৈ আহিছিল ভাতৃ নিৰঞ্জনক । জানিব পৰা মতে, চালক হিচাপে কৰ্মসংস্থাপনত নিয়োজিত মনোৰঞ্জন মাহাতু এটা দহ বছৰীয়া আৰু এটা চাৰি বছৰীয়া সন্তানৰ পিতৃ ।
লগতে পঢ়ক : ব্ৰিটেইনত দৈনিক 544 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত