ধেমাজি, 20 নৱেম্বৰঃমাতৃৰ বিয়োগ ঘটাৰ পিচতে অন্তিম সৎকাৰ সম্পন্ন কৰিবৰ বাবে গছ কাটিবলৈ গৈ মৃত্যুক সাৱতি ল'লে পুত্ৰই ৷ মৃত যুৱকজনৰ নাম ধেমাজিৰ বৰলুং মাজগাঁৱৰ সঞ্জয় মিছং ৷
স্থানীয় লোকে সদৰি কৰা মতে, মাতৃৰ অন্তিম সৎকাৰৰ বাবে গছ কাটি থাকোতে আকস্মিকভাৱে পুত্ৰ সঞ্জয় মিছঙৰ গাত গছ বাগৰি পৰে ৷ ইয়াৰ পিচতে গুৰুতৰভাৱে আহত হয় সঞ্জয় মিছং ৷ অৱশেষত চিকিৎসালয়লৈ নিয়া পথত মৃত্য়ুক সাৱতি লয় সঞ্জয় মিছঙে ৷