অসম

assam

ETV Bharat / state

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ - গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত

ধেমাজি জিলাত মুখ্য়মন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত বাহন বিতৰণ কৰা হয় । ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী শুভাৰম্ভ কৰে ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ।

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ
ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

By

Published : Feb 3, 2021, 6:15 PM IST

ধেমাজি,৩ ফেব্ৰুৱাৰী:ধেমাজি জিলাত বুধবাৰে মুখ্য়মন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত বাহন বিতৰণ কৰা হয় । কাছাৰী ময়দানত গ্ৰামাঞ্চলৰ সূচল যাতায়ত আৰু স্বাৱলম্বনৰ নতুন দিশ হিচাপে বিবেচিত এই আঁচনিৰ অধীনত ১১ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় বাহনসমূহ । ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী শুভাৰম্ভ কৰে ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে । ধেমাজি জিলা পৰিবহণ বিষয়া মইনুৰদ্দিন আহমেদে আতঁ ধৰা অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপাযুক্ত নৰ সিং পাৱাৰ আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱাটে ৷

ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

উল্লেখ যে ধেমাজি জিলাখনত মুঠ আবেদনকাৰী আছিল ৮৮৯ গৰাকী আৰু ইয়াৰে ২৮০ গৰাকী হিতাধিকাৰীক বাচনি কৰিছে বুলি জনাইছে জিলা পৰিবহণ বিভাগে ৷ হিতাধীকাৰীসকলৰ মাজত বাহন বিতৰণ কৰাৰ লগতে নতুন বাহনৰ চালকৰ আসনত বহি টেষ্ট ড্ৰাইভ কৰে ধেমাজিৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:লখিমপুৰত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details