অসম

assam

ETV Bharat / state

ধেমাজিত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ - \অমিয় পাচনিয়ে জানিবলৈ

ধেমাজিত আৰক্ষী আৰু বন বিভাগৰ অভিযানত প্ৰায় চাৰি লাখ টকাৰ মূল্যৰ অবৈধ কাঠ জব্দ ৷

dhemaji illegal timber  recovered
ধেমাজিত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

By

Published : Apr 27, 2020, 11:18 AM IST

ধেমাজি , 27 এপ্ৰিল : লক ডাউনৰ মাজতেই দেওবাৰে ধেমাজি বনসংমণ্ডলৰ অধীনৰ 2 নং গহপুৰীয়া গাঁৱৰ মহেন্দ্ৰ মুৰ্দৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ হ'ল বৃহৎ পৰিমাণৰ অবৈধ কাঠ । গোপন সূত্ৰৰ পম খেদি ধেমাজি বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহত্ত সংখ্যক অবৈধ কাঠ ।

ধেমাজিত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

ধেমাজিৰ বনাঞ্চলিক বিষয়া অমিয় পাচনিয়ে জানিবলৈ দিয়া মতে লোকজনে দীৰ্ঘদিন ধৰি অৰুণাচল পাহাৰৰ পৰা এই কাঠসমূহ সংগ্ৰহ কৰি ঘৰৰ বাহিৰে ভিতৰে বিভিন্ন স্থানত মজুত কৰি ৰাখিছিল । ইতিমধ্যে জব্দ কৰা দুই ট্ৰাক বহু মূল্যবান কাঠৰ মূল্য প্ৰায় চাৰি লক্ষাধিক হ'ব বুলি মন্তব্য কৰিছে বন বিষয়াগৰাকীয়ে । ইপিনে আৰক্ষী আৰু বন বিভাগৰ লোকৰ অভিযানকালত কাঠ মাফিয়া গৰাকী ঘৰৰ পৰা পলায়ন কৰে।

লগতে পঢকঃ বিশেষভাৱে সক্ষম দুজন লোকৰ দুঃসাহসিক কাৰ্য

ABOUT THE AUTHOR

...view details