অসম

assam

Dhemaji Health department : এম্বুলেন্সত ৰোগী নহয় পানীৰ পাইপ..!

By

Published : Nov 1, 2022, 10:51 AM IST

এম্বুলেন্সৰ সুবিধাৰ পৰা ৰাইজ বঞ্চিত হোৱাৰ সময়তে ধেমাজিত আজৱ ঘটনা সংঘটিত হৈছে । ধেমাজি অসামৰিক চিকিৎসালয়ে সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিছে এম্বুলেন্স (Dhemaji hospital used ambulance to carry goods)। হাস্পতাল তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ ।

Dhemaji Health department
এম্বুলেন্সত ৰোগী নহয় পানীৰ পাইপ

ধেমাজি,১ নৱেম্বৰ :ধেমাজিত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড (Negligence of health department in Dhemaji) ৷ হাস্পতাল কৰ্তৃপক্ষই এম্বুলেন্সক ৰোগীৰ পৰিৱৰ্তে সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিছে । ধেমাজি অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্সত পানীৰ পাইপ কঢ়িওৱা দৃশ্য দেখি আচৰিত ধেমাজিবাসী (Carrying pipes in ambulance)।

এম্বুলেন্সৰ অভাৱত ৰোগীৰ সঘনাই মৃত্যুৰ খবৰ ওলোৱাৰ সময়তে ধেমাজিৰ স্বাস্থ্য বিভাগৰ এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহ (Public slams Dhemaji health department)। মঙলবাৰে এখন এম্বুলেন্সে পানীৰ পাইপকে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই লৈ যোৱা দেখি এম্বুলেন্সখনৰ চালকক জেৰা কৰে স্থানীয় লোক আৰু আটাছুৰ কৰ্মীসকলে । চালকে উল্লেখ কৰা মতে তেওঁক হাস্পতাল কৰ্তৃপক্ষই সামগ্ৰীখিনি লৈ যাবলৈ কৈছে । কেৱল এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও প্ৰায়ে হাস্পতালৰ সামগ্ৰী কঢ়িয়াবলৈ এম্বুলেন্সখন ব্যৱহাৰ কৰে বুলি চালকে জনাইছে । ইফালে এম্বুলেন্সখন হাস্পতালৰ কৰ্মচাৰীৰ বাবেও ব্যৱহাৰ কৰা হয় বুলি উল্লেখ কৰে চালকে ।

এম্বুলেন্সত ৰোগী নহয় পানীৰ পাইপ

ধেমাজি নগৰৰ মাজ মজিয়াৰে পানীৰ পাইপ ভৰ্তি এম্বুলেন্স দেখি একপ্ৰকাৰ হতভম্ব হৈ পৰে সচেতন মহল ৷ হাস্পতাল কৰ্তৃপক্ষৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণাও দিছে ৰাইজে । ৰাইজ তথা দল-সংগঠনে অভিযোগ কৰা মতে বিভিন্ন সময়ত দুৰ্ঘটনা বা জৰুৰীকালীন সময়ত ৰোগী আৰু স্থানীয় লোকে এম্বুলেন্সৰ বাবে ফোন কৰি কৰি ভাগৰি যায় । বহুবাৰ ফোন কৰাৰ পাছতো ১০৮ এম্বুলেন্স সেৱাৰ সুবিধা নাপায় সাধাৰণ ৰাইজে ।

কিন্তু তেনে সময়তে হাস্পতাল কৰ্তৃপক্ষই নিজ খেয়াল-খুচি মতে এম্বুলেন্স ব্যৱহাৰ কৰিছে । যাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি স্থানীয় সংগঠনৰ নেতাসকলে স্বাস্থ্য বিভাগক তীব্ৰ সমালোচনা কৰিছে । সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে স্থানীয় সংগঠনসকলে ।

এই ঘটনাৰ লগত জড়িত বিষয়াসকলক কঠোৰ শাস্তিৰো দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে । দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাোৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :Accident at NHPC project: পুনৰ NHPC ৰ প্ৰকল্পত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details