জোনাই, 29 ছেপ্টেম্বৰ:জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ এগৰাকী পিতৃ-মাতৃহীন যুৱতীৰ দুটা কিডনী বিকল হোৱাত হতাশাত ভুগিছে পৰিয়ালটোৰ লগতে বেবী মেদক(21) নামৰ যুৱতীগৰাকীয়ে (Dhemaji girl need help) । জানিব পৰামতে একাদশ শ্ৰেণীত অধ্যয়নৰত বেবী মেদকে প্ৰায় ছমাহ আগৰে পৰা দুৰাৰোগ্য ৰোগত ভুগি আছিল ।
বেবীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যায় পৰিয়ালৰ লোকে (Dhemaji Girl need help for treatment) । চিকিৎসকে বেবীক পৰীক্ষা কৰাৰ পাছত তেওঁৰ দুটা কিডনী বিকল হোৱাৰ কথা জানিবলৈ দিয়ে ৷ এই তথ্য লাভ কৰাৰ পাছত বেবীৰ লগতে পৰিয়ালৰ লোকে হতাশাত ভোগে ৷
বেবীৰ চিকিৎসাৰ বাবে উপায়হীন হৈ দৰিদ্ৰ পৰিয়ালটোৰ লগতে স্থানীয় লোকে এতিয়া চৰকাৰ তথা কোনো হৃদয়বান লোকৰ পৰা সহায়ৰ আহ্বান জনাইছে ৷ পিতৃ-মাতৃহীন যুৱতীগৰাকী তথা পৰিয়ালৰ লোকে বেবীৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় জন-প্ৰতিনিধি তথা মানৱ দৰদী হৃদয়ৱান সমাজত কিছু আৰ্থিক সাহাৰ্য বিচাৰিছে ৷
কোনো সদাশয় ব্যক্তিয়ে বেবী মেদক সহায় কৰিব বিচাৰিলে তলত উল্লেখ কৰা একাউণ্ট নম্বৰত আৰ্থিক সাহাৰ্য আগবঢ়াই সহায় কৰিব পাৰিব ৷ নতুবা 9016891927 নম্বৰত যোগাযোগ কৰিব পাৰিব ।