অসম

assam

ETV Bharat / state

ধেমাজিত দুষ্টচক্ৰৰ ছত্ৰছাঁয়াত অবাধ বন ধ্বংসজজ্ঞ - forest department

ধেমাজিৰ চিমেন চাপৰি-শোৱণশিৰি বনাঞ্চলত খয়ৰ গছ কাটি তহিলং ৷ বগীবিল দলং মুকলি কৰাৰ পিচৰে পৰা বৃদ্ধি পাইছে বনধ্বংস অভিযান ৷ খয়ৰ কাঠৰ ৰমৰমীয়া বেহাৰ কৰিডৰলৈ পৰিণত হৈছে তিনিচুকীয়া চহৰ ৷

ধেমাজিত দুষ্টচক্ৰৰ অবাধ বন ধ্বংসজজ্ঞ; কাণসাৰ নাই বনবিভাগৰ

By

Published : Jun 23, 2019, 8:56 AM IST

জোনাই 23 জুনঃ বগীবিল দলঙৰ ওপৰেৰে যাতায়ত অব্যাহত হোৱাৰ পিচৰে পৰা নদীখনৰ উত্তৰ দক্ষিণ পাৰত গঢ়ি উঠিছে মূল্যবান বনজ সম্পদৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ পৰাই এটা প্ৰভাৱশালী দুষ্ট চক্ৰই সৰ্বসাধাৰণ লোকৰ আগত অৰুণাচলক দোহাই দি সমগ্ৰ উত্তৰ অসমতে গঢ়ি তুলিছে মূল্যবান খয়ৰ গছৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধেমাজিৰ সংৰক্ষিত বনাঞ্চলত অবাধ ধ্বংসযজ্ঞৰে চোৰাং বেপাৰীয়ে এফালৰ পৰা কাটি গৈছে খয়ৰ গছ ৷ উজনী অসমৰ তিনচুকীয়া চহৰক ট্ৰেনজিট পইন্ট হিচাপে গঢ়ি খয়ৰ গছ অবৈধ ভাৱে সহবৰাহ হৈছে দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈও ৷ ইপিনে খয়ৰ চোৰাং চক্ৰটোৱে একাংশ স্থানীয় ৰাইজক ব্যৱহাৰ কৰি চোৰাং কাঠৰ ব্যৱসায় চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বিশেষকৈ জিলাখনৰ চিমেন চাপৰি, ডিমৌ দিছমুৰ, মাজৰবাৰী, লিকাবালিৰ গাইনৈ পাৰ, বৰদলনি, জয়ৰামপুৰ অঞ্চলত থকা বনাঞ্চল ধ্বংসত নামি পৰিছে চোৰাং চক্ৰটো ৷

অৱশ্যে ৰাইজৰ খবৰ ভিত্তিত বন বিভাগে মাজে সময়ে চোৰাং বেপাৰীৰ পৰা জব্দ কৰিছে খয়ৰ গছৰ কুণ্ডা ৷ কিন্তু ৰহস্যজনক পৰিস্থিতিত চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে বন আইনৰ অধীনত বিভাগটোৱে ৰুজু কৰা নাই কোনো গোচৰ ৷

ABOUT THE AUTHOR

...view details