জোনাই, ২৭ ডিচেম্বৰ :এতিয়া ৰবি শস্যৰ বতৰ । বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰে ভৰিছে ৰাজ্যৰ খেতি পথাৰ । ঠায়ে ঠায়ে সৰিয়হবোৰ ফুলিছে । সৰিয়হৰ হালধীয়া ৰঙে পথাৰবোৰৰ সৌন্দৰ্য বঢ়াইছে (Mustard blooms in Dhemaji)।
ধেমাজিৰ পথাৰতো এতিয়া সৰিয়হ ফুলাৰ নান্দনিক দৃশ্য । অপৰূপ দৃশ্যই হাত বাউলি মাতিছে সকলোকে ৷ ধেমাজি জিলাৰ একমাত্ৰ ৰবি শস্যৰ উৎস উজনি চিচিটঙাণী পঞ্চায়তৰ টঙানী নৈৰ পাৰৰ এটা বৃহৎ অঞ্চলো হালধীয়া হৈ পৰিছে । উজনি চিচিটঙাণী পঞ্চায়তৰ অন্তৰ্গত লহৰামখুটি, বালিন-পাম, চেকাই, বৰঘুলি, বেলং আদি প্ৰায় ২৫ খনকৈ গাঁৱৰ লোকৰ ৰবি শস্যৰ উৎপাদনস্থলী ৷ বিশেষকৈ শ শ হেক্টৰ ভূমিত সৰিয়হ খেতিৰ উপৰিও আলু, বেঙেনা, গোমধান, বন্ধাকবি, জলকীয়াৰ লগতে বিভিন্ন ৰবি শস্যৰে এতিয়া নদন-বদন হৈ পৰিছে পথাৰ ।
উল্লেখ্য যে বছৰ বছৰ ধৰি উজনি চিচিটঙাণী পঞ্চায়তৰ লোকসকলে ভূমি লিজত লৈ কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ উপৰিও অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়, তিনিচুকিয়া, গুৱাহাটী, বৰপেটা আদি বিভিন্ন ঠাইলৈ শাক-পাচলিৰ যোগান ধৰি আহিছে । কৃষিকৰ্মৰ লগত জড়িত থকা এই অসমীয়া চহা খেতিয়কসকলে কিন্তু আজিলৈ কোনো এখন চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনিৰ সুবিধা পাবলৈ সক্ষম নহ'ল (Dhemaji farmers deprived of government facilities)।