ধেমাজি, 25 আগষ্টঃ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে৷ কেৱল কৃষিকে সাৰথি কৰি জীৱনৰ বাট বুলিছে বানে গৰকা আওহতীয়া অঞ্চলৰ জয়ন্ত সোণোৱালে৷ তেখেতৰ ঘৰ ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তগৰ্ত বৰবিলা ভেবেলী গাঁৱত৷ শিক্ষিত খেতিয়ক সোণোৱালে শেহতীয়াকৈ জিলা কৃষি বিভাগৰ পৰা ৰাজসাহায্যৰে সৌৰ শক্তি চালিত পা্ম্পচেট ব্যৱহাৰ কৰি পৰীক্ষামূলকভাৱে বছৰত একেডৰা মাটিতে কেইবাটাও খেতি কৰি লাভৱান হোৱাৰ পৰিকল্পনা কৰিছে৷ ইতিমধ্যে পথাৰত পানী দিয়াৰ অত্যাধুনিক প্ৰযুক্তি স্প্ৰীং কুলাৰ পদ্ধতি ব্যৱহাৰ কৰি খেতি পথাৰত পানী যোগান ধৰিছে৷ কৃষক গৰাকীয়ে জনোৱা মতে তেওঁ দীৰ্ঘদিন ধৰি চৰকাৰী সাহায্যৰ অবিহনেই কৃষি কাম কৰি অহাৰ উপৰিও হাঁহ , কুকুৰা গাহৰি পালন কৰি আত্মনিয়োগ হৈ আহিছে৷ এইবাৰ তেখেতে কৃষি বিভাগৰ এন এফ এচ এম আচঁনিৰ অধীনত ১০০ হেক্টৰ কৃষি ভূমিত উন্নত ৰঞ্জিত ধান sub- 1 কঠীয়া ৰুইছে৷ শালিখেতি পিছতে বৰো ধানৰ খেতি কৰিও যথেষ্ট লাভান্বিত হৈছে বুলি ব্যক্ত কৰে কৃষকজনে৷
বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম ধেমাজিৰ যুৱকৰ - ধেমাজি
বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে৷ শালিখেতি বৰো ধানৰ খেতিৰে লাভান্বিত কৃষকজন
বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম ধেমাজিৰ যুৱকৰ
কৃষকজনে লগতে কয় যে বানপানী হলেও কৃষকে চৰকাৰী বিভাগৰ পৰা নিজৰ সুবিধা আদায় কৰি নিৰৱ্চ্ছিন্নভাৱে আগবাঢ়িব পাৰে৷ বানপানী শুকুৱা পিছত খেতিত নামিলেও বছৰত কেইবাটাও খেতি কৰি আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হোৱা যায়৷ আনহাতে তেখেতে চৰকাৰী কৃষি বিভাগক সমালোচনা কৰিও কয় যে প্ৰতিবছৰে কৃষকলৈ বহু পলমকৈ শস্যৰ কঠীয়া , বীজ , সাৰ আদি আনুষংগিক বস্তুবোৰ যোগান ধৰাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হয়৷ মাটি চহ কৰাৰ পিছতো অসহায় হৈ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় চহা খেতিয়কে৷