অসম

assam

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নামত ভূমি অধিগ্ৰহণঃ ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালে

ধেমাজিৰ কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ পূৰ্ণাংগ হোৱাৰ পথত যদিও, ইয়াৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজৰ বিশাল পৰিমাণৰ ভূমি অধিগ্ৰহণৰ আজিকোপতি কোনো সাহাৰ্য নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৷

By

Published : Mar 5, 2020, 10:49 AM IST

Published : Mar 5, 2020, 10:49 AM IST

ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালে
ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালে

ধেমাজি, ৫ মাৰ্চঃ সুদীৰ্ঘ ৯ বছৰৰ অন্তত ধেমাজিৰ কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ পূৰ্ণাংগ হোৱাৰ পথত । চলিত বছৰতে আৰম্ভ হ'ব অভিযান্ত্ৰিকৰ পাঠদান ৷ কিন্তু মহাবিদ্যালয় নিৰ্মাণৰ নামত চৰকাৰে অঞ্চলটোৰ ৰাইজৰ বিশাল পৰিমাণৰ ভূমি অধিগ্ৰহণ কৰে যদিও আজিকোপতি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে নাপালে কোনো সাহাৰ্য ৷ ফলত টেকজুৰি ৫ নং লাটৰ প্ৰায় 40-45 টা পৰিয়ালৰ বৃহৎ ক্ষতিসাধন হয় ৷ উল্লেখ্য যে, ক্ষতিপূৰণ বিচাৰি ২০০৯ চনৰে পৰা সংশ্লিষ্ট বিভাগক বহুবাৰ জনাই আহিছে যদিও কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাসহে দি আহিছে বুলি মন্তব্য কৰিছে স্থানীয় লোকে ৷

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নামত ভূমি অধিগ্ৰহণঃ ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালেধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নামত ভূমি অধিগ্ৰহণঃ ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত পৰিয়ালে

ABOUT THE AUTHOR

...view details