অসম

assam

চলিত বছৰতে মুকলি হ'ব ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়

এই বৰ্ষতেই মুক্তি হোৱাৰ পথত বহ্মপুত্ৰৰ উত্তৰ পাৰৰ বহু প্ৰতিক্ষীত উচ্চ শিক্ষা কাৰিকৰী প্ৰতিষ্ঠান ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ সুদীৰ্ঘ 9 বছৰৰ অন্তত এই মহাবিদ্যালয়খন মুকলি হোৱাক লৈ উৎফুল্লিত ধেমাজিবাসী ৷

By

Published : Mar 11, 2020, 9:40 AM IST

Published : Mar 11, 2020, 9:40 AM IST

Updated : Mar 11, 2020, 9:58 AM IST

dhemaji-engineering-college-story
চলিত বছৰতে মুকলি হ'ব ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়

ধেমাজি , ১১ মাৰ্চঃএটা সপোনৰ পৰিসমাপ্তিৰ দিশে ধেমাজিবাসীৰ । কাৰণ চলিত বছৰতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বহু প্ৰতিক্ষীত উচ্চ শিক্ষা কাৰিকৰী প্ৰতিষ্ঠান ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি হোৱাৰ পথত । ধেমাজি নগৰৰ পৰা ৯ কিলোমিটাৰ নিলগৰ টেকজুৰিস্থিত মহাবিদ্যালয়খনৰ আন্তগাঁথনি প্ৰায় সম্পূৰ্ণ হৈছে । উল্লেখ্য যে ,দীৰ্ঘদিনধৰি ধেমাজিৰ বিভিন্ন দল সংগঠন , নাগৰিক , সাহিত্যিক তথা ধেমাজিবাসীয়ে দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ২০১১ চনৰ 20 ফ্ৰেবুৱাৰীত টেকজুৰি অঞ্চলৰ ২৬৮ বিঘা ভূমিত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল ।সেয়ে আধাৰশিলা স্থাপন কৰাৰ পৰা সুদীৰ্ঘ 9 বছৰৰ অন্ততঃ মুকলি ক্ষণ গণাক লৈ উৎফুল্লিত হৈ পৰিছে ধেমাজিবাসী ।অৱশ্যে মহাবিদ্যালয়খনৰ পৰিৱেশ ক্ৰুটিহীন হোৱাৰ লগতে বৰ্তমান কলেজ আৰম্ভ হ'বলগীয়া নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হোৱাটো বিচাৰিছে ছাত্র সংগঠনসমূহে ৷

চলিত বছৰতে মুকলি হ'ব ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
Last Updated : Mar 11, 2020, 9:58 AM IST

ABOUT THE AUTHOR

...view details