ধেমাজি , 5 জুলাইঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা। ধেমাজি জিলাৰ জোনাই , চিচিবৰগাঁও , ধেমাজি, গোগামুখ আৰু বেঙেনাগৰা আদি অঞ্চলক সামৰি চলিত বৰ্ষত মুঠ ২১ জন এই ৰোগত আক্ৰান্ত হয় ৷ ইয়াৰে ১৬ গৰাকী ৰোগীয়ে বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে৷
ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3 - ধেমাজি
ধেমাজিত ভয়াবহ ৰূপত বৃদ্ধি পাইছে এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷
![ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3757946-thumbnail-3x2-gg.jpg)
ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3
ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱঃ নিহত 3
ধেমাজি জিলাৰ গ্ৰামাঞ্চলত চাৰিজনকৈ ৰোগী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পিচত এজন শিশুৰ ইতিমধ্যে মৃত্যু হৈছে ৷ ইফালে জিলাখনত বৰ্তমান অন্য ঠাইতকৈ পৰিস্থিতি যথেষ্ট ভাল বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰিছে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত মেলেৰিয়া বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডা° পৰমানন্দ দেউৰীয়ে।
উল্লেখ্য যে, প্ৰশাসনে এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ৰাইজক যি সকল লোকে গাহৰি পালন কৰে সেই সকলৰ ঘৰৰ পৰা পাচঁ কিলোমিটাৰ দূৰত গাহৰি পালন কৰাৰ লগতে ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ৷