ধেমাজি,19 জানুৱাৰী : ধেমাজি জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাই কোনো স্থায়ী বিষয়া তথা প্ৰয়োজনীয় কৰ্মচাৰী ৷ ইয়াৰ ফলত জিলাখনত দিনে দিনে বাঢ়ি অহা নিবনুৱাসকলৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ৷
বিভাগটোৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি বিষয়াবিহীনভাৱে চলি আছে ধেমাজি জিলা সদৰৰ নিয়োগ বিনিময় কেন্দ্ৰটো ৷ লখিমপুৰৰ এগৰাকী সহকাৰী ভাৰপ্ৰাপ্ত বিষয়াই মাজে মাজে কেন্দ্ৰলৈ অহা বুলি কৰ্মচাৰীয়ে সদৰি কৰে ৷