ধেমাজি, 29 মেঃ ধেমাজিত নিৰ্মাণৰ পিচতেই খহি গৈছে কোটিটকীয়া মথাউৰি ৷ জিলাখনৰ জলসম্পদ সংমণ্ডলৰ অধীনত নিৰ্মিত ন-নদীৰ সো-পাৰৰ ডেৰকোটি টকীয়া মথাউৰিটোৰ বৰ্তমানৰ অৱস্থাক লৈ আশ্বস্ত নহয় স্থানীয় ৰাইজ ৷
ধেমাজিত মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতি জলসম্পদ বিভাগৰ!! - Dhemaji Sub Divisional Water Resource Department
জিলাখনৰ ন-নদীৰ সো-পাৰত ডেৰকোটি টকা মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ ৷ নিৰ্মাণৰ পিচতেই খহি গ'ল কোটিটকীয়া মথাউৰিৰ মাটি ৷
বিসংগতিপূৰ্ণ মথাউৰি
মুঠ 1200 মিটাৰ দীঘলীয়া এছ ডি আৰ এফ শিতানত 2017-18 বৰ্ষত নিৰ্মাণ কৰা হৈছিল উক্ত মথাউৰিটো ৷ কিন্তু শেহতীয়াকৈ বাৰিষাৰ সময়ত বৰষুণৰ পানীত ঠায়ে ঠায়ে খহি গৈছে মথাউৰিটো ৷ ঠিকাদাৰে পিচিচি ব্লক পিটচিং আৰু এপ্ৰনসহ বি-টাইপ জিঅ' বেগ স্থাপন কৰিছে যদিও ভৰ বাৰিষা খৰস্ৰোতা ন-নদীৰ বাঢ়নী পানীয়ে এই সুৰক্ষা ব্যৱস্থা খহাই নিয়াৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷
আনহাতে আঁচনিমতে মথাউৰিটো নিৰ্মাণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰেই মথাউৰিটো মেৰামতি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷