ধেমাজি,২৭ ডিচেম্বৰঃ ধেমাজিৰ সমীপৱৰ্তী নলনিপাম দৈনিক বজাৰত সংঘটিত হয় অঘটন ৷ এটি উন্মুক্ত নৰ্দমাত পৰি কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ শুকুৰবাৰে সন্ধিয়া বজাৰলৈ অহাৰ পথত উন্মুক্ত হৈ থকা নলাটোত পৰি যায় মহিলাগৰাকী ৷ ঘটনাটোত দৈৱক্ৰমে ৰক্ষা পৰে মহিলা গৰাকীৰ লগত অহা শিশুটি ৷ স্থানীয় লোকৰ প্ৰচেষ্টাত দীৰ্ঘসময়ৰ পিছত নৰ্দমাৰ পৰা উদ্ধাৰ হয় মহিলা গৰাকী ৷
ধেমাজিত কথমপি প্ৰাণৰক্ষা মহিলাৰ - ধেমাজি
ধেমাজিত উন্মুক্ত নৰ্দমাত পৰি কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ স্থানীয় লোকৰ প্ৰচেষ্টাত উদ্ধাৰ হয় মহিলাগৰাকী ৷ নলনিপাম দৈনিক বজাৰত সংঘটিত হয় অঘটনটো ৷
ধেমাজিত কথমপি প্ৰাণৰক্ষা মহিলাৰ
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নলাটোৰ ওপৰভাগ ধেমাজি গেছ এজেন্সীৰ গাড়ীয়ে মহতিয়াই নিয়াৰ ফলত বৃহৎ গাঁতৰ সৃষ্টি হয় ৷ উল্লেখিত স্থানত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ সংশ্লিষ্ট বিভাগে বিষয়টোত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷
লগতে চাওকঃ100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে