ধেমাজি, ৫ আগষ্ট: ধেমাজি জিলা সাংবাদিক সংস্থা(Dhemaji district journalist association)ৰ সহকাৰী সাধাৰণ সম্পাদক অনিৰ্বাণ বৰগোহাঁই(Anirban Bargohain) আৰু চিলাপথাৰ প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক বিনোদ সিঙ(Binod Singh)ৰ সোঁৱৰণত বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত প্ৰয়াত সাংবাদিক দুগাৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে সাংবাদিকসকলে । চলিত বৰ্ষতে দুয়োগৰাকী সাংবাদিকে অকাল মৃত্যুক সাৱতিবলগীয়া হৈছিল ।
ধেমাজিত জ্যেষ্ঠ সাংবাদিক বিনোদ সিং, অনিৰ্বাণ বৰগোহাঁইলৈ শ্ৰদ্ধাঞ্জলি - অশ্বিনী কুমাৰ দুৱাৰা, সম্পাদক ভাস্কৰ সভাপণ্ডিত
জ্যেষ্ঠ সাংবাদিক বিনোদ সিং, অনিৰ্বাণ বৰগোহাঁইক স্মৰণ ধেমাজি জিলা সাংবাদিক সংস্থা(Dhemaji district journalist association)ৰ । বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
![ধেমাজিত জ্যেষ্ঠ সাংবাদিক বিনোদ সিং, অনিৰ্বাণ বৰগোহাঁইলৈ শ্ৰদ্ধাঞ্জলি Dhemaji district journalist association pays tribute to Binod Singh, Anirban Bargohain](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12677809-783-12677809-1628134843835.jpg)
ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু জোনাই, চিলাপথাৰ, মাছখোৱা আৰু গোগামুখ প্ৰেছ ক্লাৱৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । প্ৰয়াত সাংবাদিক দুগৰাকীৰ কৰ্মৰাজিৰ বিষয়ে স্মৰণ কৰে অনুষ্ঠানত উপস্থিত থকা সাংবাদিক সংস্থাৰ সদস্যসকলে । দুয়োগৰাকী সাংবাদিকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনায় সকলোৱে । বুধবাৰে এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দুৱাৰা, সম্পাদক ভাস্কৰ সভাপণ্ডিত আৰু আটাইকেইটা প্ৰেছ ক্লাৱৰ বিষয়ববীয়াসকল ।
এই অনুষ্ঠান অন্ত পৰাৰ পিছত প্ৰেছ ক্লাৱত জিলা সাংবাদিক সংস্থাৰ এখন সাধাৰণ সভাও অনুষ্ঠিত হয় ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ।
লগতে পঢ়ক:জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ