ধেমাজি, 14 মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বাবুল সোনোৱাল আৰু ধেমাজি টাউন ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি মানৱ দত্তক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হয় ৷ ধেমাজি জিলা কংগ্ৰেছত আভ্যন্তৰীণ কন্দলৰ পৰিণতিতে বহিস্কৃত কৰা হ’ল দুয়োগৰাকীকে ৷
ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা
ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা ৷ দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত দলীয় অনুশাসন ভংগ কৰাৰ লগতে চূড়ান্ত অভব্য আচৰণৰ বাবে এক পত্ৰৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু ধেমাজি টাউন ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিক বহিস্কাৰৰ নিৰ্দেশ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৷
ধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা
শনিবাৰে ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত কৰা হৈছিল ৷ এই সভাতেই দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত দলীয় অনুশাসন ভংগ কৰাৰ লগতে চূড়ান্ত অভব্য আচৰণৰ বাবে এক পত্ৰৰ জৰিয়তে দুয়োকে বহিস্কাৰ কৰাৰ নিৰ্দেশ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷