ধেমাজি, 9 এপ্ৰিল : সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে 21 দিনীয়া লক্ ডাউন ঘোষণা কৰিছিল ৷ সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে এই লক্ ডাউন ৷ কিন্তু লক্ ডাউনৰ মাজতো একাংশই এই নীতি ভংগ কৰাত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হৈছে ৷
লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি জিলা প্ৰশাসন - dhemaji news
ধেমাজি জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক্ ডাউনৰ সময়ত নিৰ্দেশনা উলংঘা কৰা সকলক শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ধেমাজি জিলাৰ উপায়ুক্তই ৷
dhemaji district administration become strict on lock down