ধেমাজি,১৮ মে':সমগ্ৰ ৰাজ্যতে কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে সষ্টম হৈছে ৰাজ্য চৰকাৰ । ৰাইজক সজাগ কৰাৰ লগতে সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে প্ৰতিখন জিলালৈ চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে ।
চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়ে ধেমাজি জিলা প্ৰশাসনেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জনসাধাৰণৰ সুবিধাৰ্থে জিলা প্ৰশাসনে আৱৰ্ত ভৱনত স্থাপন কৰিছে এক ক'ভিড-১৯ নিয়ন্ত্ৰণ কক্ষ । এতিয়াৰে পৰা জিলাখনৰ যিকোনো ক'ভিড সংক্ৰান্তীয় অনুসন্ধান, অভিযোগ তথা স্পষ্টীকৰণ আদি জনসাধাৰণে এই নিয়ন্ত্ৰণ কক্ষত দাখিল কৰিব পাৰিব ।