ধেমাজি,10ছেপ্টেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ । শাসকীয় দল বিজেপিয়ে বিৰোধী কংগ্ৰেছলৈ বুলি আৰম্ভ কৰিছে তীব্ৰ বাক্যবান ৷ উন্নয়নমূলক আচঁনিক লৈ চৰকাৰক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলে হেৰুৱাই পেলাইছে নৈতিক অধিকাৰ ৷ ভাৰতীয় জনতা দলৰ অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে বুধবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কলে ৷
বিজেপি চৰকাৰে যেনেদৰে এহেজাৰ কিলোমিটাৰ গ্ৰাম্য পথ ,এহেজাৰ খন পকী দলং নিৰ্মাণ, পাঁচলাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে ,সেইদৰে অসমৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে । শাসনাধীন চৰকাৰখনে এক লাখ খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ লক্ষ্য স্থিৰ কৰি ইতিমধ্যে ৫০% লোকক ভূমিপট্টা প্ৰদান কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে মুখপাত্ৰ গৰাকীয়ে ৷