অসম

assam

ETV Bharat / state

ধেমাজি অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ ধনদাবী! - সন্তান জন্ম দিয়া প্ৰসূতি মাতৃৰ অভিভাৱকক ধন দাবী কৰে কৰ্মৰত নাৰ্ছে

ধেমাজি অসামৰিক চিকিৎসালয়ত সন্তান জন্ম দিয়া প্ৰসূতিৰ পৰিয়ালক ধন দাবী কৰে কৰ্মৰত নাৰ্ছে ৷ উৎকোচ নিদিলে নাৰ্চে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ ৷

ধেমাজি অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ ধনদাবী!

By

Published : Sep 27, 2019, 8:16 AM IST

Updated : Sep 27, 2019, 8:40 AM IST

ধেমাজি, 27 ছেপ্টেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতাৰ অভিযোগ । চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰসূতিৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি কৰ্মৰত নাৰ্চে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে । উৎকোচ নিদিলে নাৰ্চে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । অভিযোগ অনুসৰি 25 চেপ্তেম্বৰত গোগামুখ গৰৈমাৰীৰ বিচিত্ৰ খনিকৰ নামৰ গৰ্ভৱতী মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলাগৰাকীৰ সন্তান প্ৰসৱৰ পাছত কৰ্মৰত নাৰ্ছসকলে অভিভাৱকক মাতি ১০০০ টকা দাবী কৰে ৷ পৰিয়ালটোৰ ওচৰত হাজাৰ টকা নথকাত 300 টকা যাচে কিন্তু ইয়াৰ পিছতো মান্তি নহয় নাৰ্ছ কেইগৰাকী ৷ অৱশেষত আনৰ পৰা ধাৰ লৈ মুঠ 650 টকা আদায় দিয়াত হে মান্তি হয় কৰ্মৰত নাৰ্ছসকল ৷ অন্যান্য ৰোগীৰ অভিভাৱকৰ পৰাও এহেজাৰ পৰা দুহেজাৰ পৰ্যন্ত উৎকোচ লয় চিকিৎসালয়খনৰ কৰ্মৰত নাৰ্চে ।

ধেমাজি অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ ধনদাবী!
উল্লেখযোগ্য যে মানৱ সেৱাৰ নামত প্ৰতিজ্ঞাবদ্ধ এই চৰকাৰী নাৰ্ছসকলৰ দৰিদ্ৰ পৰিয়ালক চিকিৎসাৰ নামত হাৰাশাস্তি কৰি উৎকোচ বিচৰা কাৰ্যক নিন্দা কৰিছে সকলোৱে ৷ আন চৰকাৰী কৰ্মচাৰীয়ে উৎকোচ ল'লে শাস্তি বিহাৰ দৰে ধেমাজি অসামৰিক চিকিৎসালয়ৰ নাৰ্ছসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজৰ প্ৰশ্ন ৷
Last Updated : Sep 27, 2019, 8:40 AM IST

ABOUT THE AUTHOR

...view details