ধেমাজী, 8 ডিচেম্বৰ:চিকিৎসাৰ অভাৱত 9 বছৰে বিচনাই একমাত্ৰ সংগী হৈ ৰৈছে ধেমাজিৰ এটি শিশুৰ ৷ কণমানিটোৰ বাবে সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অপাৰগ আৰ্থিক সংকটত জুৰুলা শিশুটিৰ পৰিয়াল ৷ ফলত বিগত 9 টা বছৰে বিচনাখনকেই আশ্ৰয় কৰি আগবাঢ়িছে জটিল ৰোগত আক্ৰান্ত এটি অবুজ শিশুৰ ভৱিষ্যত ৷
জানিব পৰামতে জন্মৰ পাছতে ধেমাজিৰ জয়ৰামপুৰ লালুকীজান নিবাসী বিষ্ণু ফুকন আৰু ৰূপা চেত্ৰী ফুকনৰ একমাত্ৰ সন্তান জ্ঞানজ্যোতি এক জটিল ৰোগত আক্ৰান্ত হয় ৷ শিশুটিৰ পিতৃ মাতৃয়ে জানিবলৈ দিয়ে যে, বিগত 9 বছৰে অনিশ্চয়তাক সংগী কৰি বিছনাতেই দিন ৰাতি পাৰ কৰিব লগা জ্ঞানজ্যোতিক দাংকোলাকৈ নিনিলে একেবাৰে লৰচৰ কৰিব নোৱাৰে ৷