অসম

assam

ETV Bharat / state

কনিষ্ঠতম শিশু গল্প লেখিকাঃ অসম বুক অৱ ৰেকৰ্ডছত ধেমাজিৰ ধৃতিদীপাৰ নাম - 'গছ কটা মানুহজন'

অসম বুক অৱ ৰেকৰ্ডছে কনিষ্ঠতম শিশু গল্প লেখিকা হিচাপে স্বীকৃতি প্ৰদান কৰিছে ধেমাজিৰ ধৃতিদীপা দত্তক । সদ্য প্ৰকাশিত স্ব-লিখিত গল্প সংকলন 'গছ কটা মানুহজন'ৰ বাবে অসম বুক অৱ ৰেকৰ্ডছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৃতিদীপালৈ এই সন্মান আগবঢ়াইছে ।

ধেমাজিৰ ধৃতিদীপা দত্তক কনিষ্ঠতম শিশু গল্প লেখিকা হিচাপে স্বীকৃতি প্ৰদান
ধেমাজিৰ ধৃতিদীপা দত্তক কনিষ্ঠতম শিশু গল্প লেখিকা হিচাপে স্বীকৃতি প্ৰদান

By

Published : Mar 2, 2021, 9:12 PM IST

ধেমাজি, ২ মাৰ্চ: কনিষ্ঠতম শিশু গল্প লেখিকাৰ সন্মান লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিলে ধৃতিদীপা দত্তই । ধেমাজি মাদাৰ্ছ প্ৰাইড স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৃতিদীপা দত্তই ৰচনা কৰা 'গছ কটা মানুহজন' শীৰ্ষক এখনি গল্প সংকলন শেহতীয়াকৈ প্ৰকাশিত হৈছে । এই সদ্য প্ৰকাশিত স্ব-লিখিত গল্প সংকলনখনৰ বাবে অসম বুক অৱ ৰেকৰ্ডছে ধেমাজি অংকুৰ মইনা পাৰিজাতৰ মইনা ধৃতিদীপাক কনিষ্ঠতম শিশু গল্প লেখিকাৰ স্বীকৃতি প্ৰদান কৰে ।

ধেমাজিৰ ধৃতিদীপা দত্তক কনিষ্ঠতম শিশু গল্প লেখিকা হিচাপে স্বীকৃতি প্ৰদান

উল্লেখ্য যে, যোৱা ২৮ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীৰ বৰঝাৰস্থিত সূৰ্যলক্ষ্মী গেষ্ট হাউছত আয়োজিত এক অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰা ৬ গৰাকী শিশু আৰু কিশোৰীক অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰে ভিতৰত ধেমাজি শিশু গল্প লেখিকা ধৃতিদীপাও অন্যতম ৷

ধৃতিদীপা ধেমাজিৰ মাটিখোলা গাঁও নিবাসী নৱজ্যোতি দত্ত আৰু তুলতুল ফুকনৰ কন্যা । ছাত্ৰীগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়া মতে, ৭ বছৰ বয়স (তৃতীয় শ্ৰেণী)ৰ পৰাই ধৃতিদীপাই নিজা লিখা কবিতা, গল্প আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে । কন্যাৰ এই সফলতাই এতিয়া আনন্দিত কৰিছে পিতৃ-মাতৃক । আনহাতে, অসম বুক অৱ ৰেকৰ্ডছৰ পদক্ষেপে কণ কণ শিশুক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উদগণি যোগাব ।


লগতে পঢ়ক:মুক্তি পাবনে কুইপ'ৰ দুই অপহৃত বিষয়াই ?

ABOUT THE AUTHOR

...view details