ধেমাজি, ২ এপ্ৰিল: গ্ৰাহকৰ ধন জালিয়াতিৰে হৰলুকি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কানাড়া বেংকৰ ধেমাজি শাখাৰ পৰিচালক কালিদাস কামান । দীৰ্ঘদিনৰ পৰাই গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন এইদৰে অজ্ঞাতে একাউন্টৰ পৰা জালিয়াতিৰে হৰলুকি কৰি আহিছিল কালিদাস কামানে । অৱশেষত ধেমাজি সদৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কালিদাস কামান । কেবাদিন ধৰি শাখা পৰিচালকগৰাকীৰ বিৰুদ্ধে গ্ৰাহকৰ একাউন্টৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এইগৰাকী শাখা পৰিচালকগৰাকী ৷
আৰক্ষীৰ জালত কানাড়া বেংকৰ ধেমাজি শাখাৰ পৰিচালক - জালিয়াতিৰে হৰলুকি
গ্ৰাহকৰ ধন জালিয়াতিৰে হৰলুকি কৰি ধেমাজি সদৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কানাড়া বেংকৰ ধেমাজি শাখাৰ পৰিচালক কালিদাস কামান । কেবাদিন ধৰি শাখা পৰিচালকগৰাকীৰ বিৰুদ্ধে গ্ৰাহকৰ একাউন্টৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এইগৰাকী শাখা পৰিচালকগৰাকী ৷
উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত ধেমাজি কাঁহিকুছী গাঁৱৰ ললিত মৰান বৰুৱা যুৱকজনৰ লগতে কেইবাজনো গ্ৰাহকৰ অভিযোগৰ ভিত্তিত ৰুজু হৈছিল দুটাকৈ গোচৰ ৷ বেংকটোৰ গ্ৰাহক ললিত মৰান বৰুৱাৰ ৩০ লাখ, মুনিন্দ্ৰ শইকীয়া নামৰ যুৱক জনৰ পৰা ১১ লাখ, সঞ্জীৱ চেত্ৰীৰ পৰা ৪০ লাখ, দৰিন দত্তৰ পৰা ২ লাখ, চন্দন কোচঁৰ ৩০ লাখ, মাধুৰ্য্য চুতীয়াৰ পৰা ৪ লাখ ৭৫ হাজাৰকে আদি কৰি বহু গ্ৰাহকৰ পৰা প্ৰায় এক কোটিতকৈ অধিক টকাৰ ধন হৰলুকি কৰাৰ অভিযোগত কালিদাস কামানক অৱশেষত ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে বিষয়াগৰাকীৰ বিৰুদ্ধে ৯০/২০২১ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: হোজাইত শান্তিপূৰ্ণ ভাবে সমাপ্ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন