অসম

assam

ETV Bharat / state

কপৌফুলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ? - DHEMAJI ORCHID STORY

ধেমাজি নলনিপাম গাঁৱৰ উদ্যমী প্ৰকৃতিপ্ৰেমী টংকেশ্বৰ দলৈয়ে দীৰ্ঘদিন ধৰি কপৌ ফুল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে নিজকে আত্মনিয়োগ কৰি আহিছে ৷ তেখেতে প্ৰায় ১৩০ বিধ বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে ।

ASSAM DHEMAJI BOHAG BIHU ORCHID SPECIAL STORY
কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ?

By

Published : Apr 15, 2020, 9:09 PM IST

Updated : Apr 16, 2020, 11:20 AM IST

ধেমাজি, 15 এপ্ৰিলঃকৰ’ণা আতংকৰ বাবে দেশজুৰি ঘোষণা কৰা লকত এইবেলি ম্লান পৰিল অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ উছাহ ৷ একেদৰেই বিহুৰ এই বতৰত এলাগী হৈ পৰিল নাচনীৰ ঘিলা খোপাৰ সৌন্দৰ্য বহনকাৰী কপৌপাহি । ধেমাজিৰ এগৰাকী উদ্যমী কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ বাৰীত জাতিষ্কাৰ হৈ পৰা নানাৰঙী কপৌফুল বিচাৰি এইবেলি তেখেতৰ ওচৰলৈ আহিব পৰা নাই কোনো নাচনী ৷ যাৰ ফলত এতিয়া গছতেই মৰহি যোৱাৰ উপক্ৰম হৈছে শ শ পাহ কপৌফুল ।

বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে

উল্লেখ্য যে,ধেমাজি নলনিপাম গাঁৱৰ উদ্যমী প্ৰকৃতিপ্ৰেমী লোকজনে দীৰ্ঘদিনধৰি কপৌ ফুল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কামত নিজকে আত্মনিয়োগ কৰি আহিছে ৷ তেখেতে প্ৰায় ১৩০ বিধ বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে । বহাগৰ বতৰত নাচনীক ফুল বিক্ৰী কৰিয়ে কেইবাহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম দলৈয়ে ৷

কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ?

এইবেলি ফুলবোৰ ফুলিছে যদিও মন বিষাদেৰে ভৰাক্ৰান্ত হৈ পৰিছে । তৎসত্বেও প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য বৰ্ধন কৰাৰ বাবেই আত্মসন্তুষ্টি লভিছে কপৌফুলৰ খেতিয়কজনে ।

লগতে চাওকঃ গোঁসাই বিহুৰ দিনটোতে ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ

Last Updated : Apr 16, 2020, 11:20 AM IST

ABOUT THE AUTHOR

...view details