ধেমাজি,২০ জুন:আজি ২০০৪ চনৰ, ১৫ আগষ্টত ধেমাজিত উগ্ৰপন্থীৰ ভয়াৱহ বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান দিয়াৰ কথা আছিল। কিন্তু বুধবাৰে নিশা ধেমাজিৰ উকীল সন্থাৰ সম্পাদক ঘনশ্যাম লাহনৰ এক দুৰ্ঘটনাত মৃত্যু হোৱাত আদালতে ৰায়দান স্থগিত ৰাখি অহা ৪ জুলাইত ৰায়দানৰ দিন ধাৰ্য কৰে।
ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান স্থগিত - advoctae's death
বুধবাৰে নিশা ধেমাজিৰ উকীল সন্থাৰ সম্পাদক ঘনশ্যাম লাহনৰ এক দুৰ্ঘটনাত মৃত্যু হোৱাত আদালতে ৰায়দান স্থগিত ৰাখি অহা ৪ জুলাইত ৰায়দানৰ দিন ধাৰ্য কৰে ।
বুধবাৰে নিশা জনপ্ৰিয় যুৱ অধিবক্তা ঘনশ্যাম লাহনে এঠাইৰ পৰা ৰাভা দিৱসৰ প্ৰস্তুতি বুজ লৈ আহি থকা অৱস্থাত নিজৰ ঘৰৰ সমীপতে এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ইপিনে যুৱ অধিবক্তা তথা সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰিয়ে ব্যথিত কৰি তুলে অধিবক্তা সমাজৰ লগতে সমগ্ৰ ধেমাজিবাসীক। অধিবক্তা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতস্থিত উকীল সন্থাৰ কাৰ্যালয়লৈ অনা হয় । কাৰ্যালয়ত উকীল সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধসকলে অধিবক্তা গৰাকীৰ মৃতদেহত পুষ্পাঞ্জলি আগবঢ়াই অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে জিলা উকীল সন্থাই আজি সকলোধৰণৰ কাম কাজৰ পৰা বিৰত থাকি বিয়লি বন্তি প্ৰজ্বলন কৰিব । উল্লেখ্য যে প্ৰয়াত ঘনশ্যাম লাহনে ধেমাজিৰ সৰ্বকালৰ ভয়াৱহ বোমা বিস্ফোৰণ কাণ্ডৰ চাৰি গৰাকী অভিযুক্তৰ হৈ উকালতি কৰিছিল।