ধেমাজী, 8 এপ্ৰিলঃ দেওবাৰে নিশা দক্ষিণ ধেমাজিৰ কপাহতলী অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ ৷ উক্ত সভাতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে প্ৰায় বিশ জনৰো অধিক লোক ৷ সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ আঁচনিসমূহ বিষয়ে পুনৰবাৰ ৰাইজৰ মাজত লৈ যোৱাৰ লগতে বিৰোধী প্ৰাৰ্থী অনিল বৰগোহাঁইৰ বিৰুদ্ধেও সমালোচনামুখৰ হৈ পৰিল বিজেপিৰ প্ৰাৰ্থীগৰাকী ৷
ধেমাজিৰ কপাহতলীত প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ - etv bharat
নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইয়ে অবৈধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷
etv bharat
কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইৰ বিৰুদ্ধে প্ৰদান বৰুৱাৰ অভিযোগ ৰেলৱে ঠিকাদাৰ হিচাপে কৰ্মৰত অনিল বৰগোঁহাই ৷ বিজেপি দলে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপযুক্ত নথি-পত্ৰ দেখুওৱাব নোৱাৰাৰ বাবই মনোনয়ন নাকচ নহ’ল প্ৰাৰ্থীগৰাকী ৷ কিন্তু বৰ্তমান উপযুক্ত নথি-পত্ৰ তেওঁলোকৰ হাতত আহি পৰিছে বুলিও প্ৰকাশ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে কয়, অনিল বৰগোঁহাই যদিও নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ’লে সেইয়া অবৈধ হ’ব ৷