অসম

assam

ETV Bharat / state

ধেমাজিত আছুৰ 'বিহু আদৰণি' - ETV BHARAT

জাতিটো শক্তিশালী আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ হ'লে সংস্কৃতি সদায় থাকিব লাগিব । এই মন্তব্য আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীৰ । শুকুৰবাৰে জীয়াঢল আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ধেমাজি ৰে'লৱে ষ্টেচন,বালি গাঁও খেলপথাৰত অনুষ্ঠিত হয় 'বিহু আদৰণি 2019' ৷ উক্ত অনুষ্ঠানত ৰাইজলৈ দিয়া বিহু শুভেচ্ছা বাৰ্তাত এইদৰে কয় আছুৰ উপ সভাপতিগৰাকীয়ে।

ধেমাজিত অনুষ্ঠিত 'বিহু আদৰণি 2019'

By

Published : Apr 13, 2019, 2:24 AM IST

ধেমাজি,13 এপ্ৰিলঃ সংস্কৃতি নাথাকিলে এটা জাতিৰ পৰিচয় হেৰাই যায় । জাতিটো শক্তিশালী আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ হ'লে সংস্কৃতি সদায় থাকিব লাগিব । এই মন্তব্য আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীৰ । শুকুৰবাৰে জীয়াঢল আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ধেমাজি ৰে'লৱে ষ্টেচন,বালি গাঁও খেলপথাৰত অনুষ্ঠিত হয় 'বিহু আদৰণি 2019' ৷ উক্ত অনুষ্ঠানত ৰাইজলৈ দিয়া বিহু শুভেচ্ছা বাৰ্তাত এইদৰে কয় আছুৰ উপ সভাপতিগৰাকীয়ে।

ধেমাজিত অনুষ্ঠিত 'বিহু আদৰণি 2019'

ইয়াৰ লগতে সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে জাতিটোৰ সংকৃষ্টি,পৰিচয় জানিলেহে এটা জাতি আগুৱাই যাব পাৰিব আৰু তাৰ বাবে সংকৃষ্টিৰ অংগ হিচাপে অসমীয়াই ঢোল বজাবও জানিব লাগিব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে আছুৰ উদ্যোগত আয়োজিত এই প্ৰাক ৰঙালীৰ অনুষ্ঠানত অসমীয়া বিহু,মিচিং,বড়ো,তিৱা আদি জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শিত হয়।

ABOUT THE AUTHOR

...view details