ধেমাজি,11 জানুৱাৰী: পদুলিত হেপাঁহৰ ভোগালী ৷ ভোগালীক আদৰিবলৈ প্ৰস্তুত হৈছে ধেমাজিবাসী ৷ একাংশ মহিলাই যদি পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে, তাৰ বিপৰীতে যুৱকসকলে ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ ধেমাজি নগৰৰ সমীপৰ নিমাতি চুক গাঁৱত মহিলাসকলে সমূহীয়াকৈ পিঠা-পনা প্ৰস্তুত কৰিছে ৷ একেদৰে মৰিধলৰ কঁঠালগুৰি গাঁৱত যুৱকসকলে লগ হৈ সাজি উলিয়াইছে ভেলাঘৰ ৷
হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ধেমাজিবাসী - ধেমাজিত ভোগালী বিহু
ধেমাজি নগৰৰ সমীপৰ নিমাতি চুক গাঁৱত মহিলাসকলে সমূহীয়াকৈ পিঠা-পনা প্ৰস্তুত কৰিছে ৷ একেদৰে মৰিধলৰ কঁঠালগুৰি গাঁৱত যুৱকসকলে লগ হৈ সাজি উলিয়াইছে ভেলাঘৰ ৷
![হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ধেমাজিবাসী As_dmj_bhogali-bihu-preparation_vis_as10021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10196705-thumbnail-3x2-d.jpg)
হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ধেমাজিবাসী
এইবেলি শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে কঁঠালগুৰি গাঁৱৰ ৰাইজে ৷ কৰ’ণা আৰু লকডাউনৰ বাবে ৰাজ্যৰ চহা কৃষকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সত্বেও হেঁপাহৰ ভোগালীক অন্তৰেৰে আদৰিবলৈ প্ৰস্তুত হৈ পৰিছে ৷
লগতে পঢ়ক-কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন