অসম

assam

ETV Bharat / state

ধেমাজিত "বেটী বাচাও বেটী পঢ়াও " আঁচনিৰ শুভাৰম্ভ - বেটী বাচাও বেটী পঢ়াও " আঁচনি

ধেমাজি জিলাত প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত "বেটি বাচাও বেটী পঢ়াও" আঁচনীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷

Dhemaji "beti bochao beti podhao" scheme inauguration
ধেমাজিত " বেটী বাচাও বেটী পঢ়াও " আঁচনিৰ শুভাৰম্ভ

By

Published : Dec 4, 2019, 10:39 AM IST

ধেমাজি,৩ ডিচেম্বৰ: ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত মঙলবাৰে ধেমাজিৰ কাছাৰী ময়দানত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে কেন্দ্ৰীয় চৰকাৰৰ বেটী বাচাও বেটী পঢ়াওক আঁচনিখন ৷ অনুষ্ঠানটোত জিলা সমাজ কল্যাণ বিষয়া বিৰিঞ্চি বৰাই উদ্দেশ্য ব্যাখা কৰাৰ পিছত ৰাইজৰ আগত আঁচনিখনৰ বিষয়ে বিশদভাৱে বাখ্যা কৰে ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ সভাত ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ,আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ধেমাজিত " বেটী বাচাও বেটী পঢ়াও " আঁচনিৰ শুভাৰম্ভ
উল্লেখ্য যে সভাৰ পূবে’ ধেমাজি লিলি চিনেমা হলৰ পৰা " ছোৱালী বচাওক ছোৱালী পঢ়াওক," কন্যা শিশুক সুৰক্ষা দিয়ক,বাল্য বিবাহ ৰোধ কৰক আদি শ্ল'গানেৰে নগৰৰ মাজেৰে ধেমাজি কাছাৰী ময়দানলৈ মহিলাৰ দ্বাৰা এক বিশাল শোভাযাত্ৰা উলিয়াই ৷

ABOUT THE AUTHOR

...view details