অসম

assam

ETV Bharat / state

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ - dhemaji

ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈ থকা অৱস্থাত যাত্ৰীসকলে গাড়ী ৰখাই চাহখাই থকাৰ সময়তে গাড়ীখন ৰৈ থকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে গৈ দ খাৱৈত বাগৰি পৰে

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ

By

Published : Nov 16, 2019, 2:46 PM IST

ধেমাজি , ১৬ নৱেম্বৰ : ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত শনিবাৰে দুৰ্ঘটনাত পতিত হয় এখন ASTC বাছ ৷ বাছখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে যদিও দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে যাত্ৰীসকলৰ ৷

অসম চৰকাৰৰ ধৰ্মজ্যোতি আচঁনিৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ অহা AS/20/1430 নম্বৰ ASTC বাছখনে কঢ়িয়াই আনিছিল ৩৫ গৰাকী যাত্ৰী ৷

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈ থকা অৱস্থাত যাত্ৰীসকলে গাড়ী ৰখাই চাহখাই থকাৰ সময়তে গাড়ীখন ৰৈ থকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে গৈ দ খাৱৈত বাগৰি পৰে ৷ মুহুৰ্ততে কেনেকৈ কি বিজুতি ঘটি বাছখন দ খাৱৈত বাগৰি পৰিল সেয়া তলকিবই নোৱাৰা বুলি মন্তব্য কৰে যাত্ৰীসকলে ৷

ABOUT THE AUTHOR

...view details