ধেমাজি, 26 অক্টোবৰ : ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ আমগুৰি গাঁও পঞ্চায়তত মঙলবাৰে পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ ৷ পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যাক সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ অভিযোগ অনুসৰি পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়ত কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি ৫ নং ৱাৰ্ডৰ এগৰাকী ৱাৰ্ড সদস্যাক মাৰপিট কৰে ৷
ৱাৰ্ড সদস্যাগৰাকীৰ আগন্তুক কৰ্ম আঁচনিৰ এটা উন্নয়নমূলক কামৰ অন্তৰ্ভুক্তিৰ বিষয়ক লৈ পঞ্চায়ত সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ লগত বাক-বিতণ্ডাৰ সূত্ৰপাত হয় । ইয়াৰ পিছতে ৱাৰ্ড সদস্যাগৰাকীৰ স্বামীক বাহিৰ কৰি সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি ৱাৰ্ড সদস্যাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।