জোনাই, 18 জানুৱাৰীঃসমাগত মিছিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং ৷ মাঘ বিহুৰ আয়োজনৰ বাবে যিদৰে ঢেঁকীশালত জীয়ৰী, বোৱাৰীসকল পিঠা পনা প্ৰস্তুতিত ব্যস্ত হৈ পৰে ঠিক অনুৰূপ ৰূপত এতিয়া মিচিং গাঁৱত পৰ আপং, পোৰাং আপিন আদিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে জীয়ৰী, বোৱাৰীসকল ৷ গৌমঃৰাগ নৃত্য পৰিবেশন কৰিবলৈ ৰিবি গাছেং, মিবু গালোক আদি নিৰ্মাণৰ বাবে মিঃবুৰৰ তাঁতশালত উঠিছে মাকোৰ খিটখিটনি ৷
পৰম্পৰাগত ৰীতি নীতিৰে ধেমাজি জিলাৰ জোনাই মহকুমাত আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন - ঢেঁকীশাল
ধেমাজি জিলাৰ জোনাই মহকুমাত মিছামৰা গাঁও পঞ্চায়তৰ 15 খন মিচিং গাঁৱৰ ৰাইজৰ সহযোগত, পৰম্পৰাগত ৰীতি নীতিৰে স্থাপন কৰা হয় আলি আয়ে লৃগাঙৰ লাইখুঁটা ৷

আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন
পৰম্পৰাগত ৰীতি নীতিৰে আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন
আলি আয়ে লৃগাঙৰ এনে উখল মাখল পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মিছামৰা গাঁও পঞ্চায়তৰ 15 খন মিচিং গাঁৱৰ ৰাইজৰ সহযোগত, পৰম্পৰাগত ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয় ৷
লগতে পঢ়কঃভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও
Last Updated : Jan 18, 2020, 8:24 PM IST