অসম

assam

ETV Bharat / state

চৰকাৰী ধনৰ অপচয় ৰোধৰ বাবে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান - কেন্দ্ৰীয় সমিতিৰ

ধেমাজিত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান 'অসম জাতীয়তাবাদী যুৱ পৰিষদ'ৰ ৷ নলা-নৰ্দমা নিমাৰ্ণৰ নামত ধেমাজিত চৰকাৰী ধনেৰে নিৰ্মিত ৰাজহুৱা সম্পত্তি ধংস হোৱাৰ অভিযোগ সংগঠনটোৰ ৷

dhemaji-ajyp-memorindum-to-dc
ধেমাজিত চৰকাৰী ধনৰ অপচয় ৰোধৰ বাবে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

By

Published : Jan 12, 2021, 10:50 PM IST

ধেমাজি, 12 জানুৱাৰী :ধেমাজিত চৰকাৰী ধনৰ অপচয় ৰোধৰ বাবে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান 'অসম জাতীয়তাবাদী যুৱ পৰিষদ'ৰ ৷ অভিযোগ অনুসৰি, নলা-নৰ্দমা নিৰ্মাণৰ নামত ধেমাজিত চৰকাৰী ধনৰ অপচয় হৈছে ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, নলা-নৰ্দমা নিমাৰ্ণৰ নামত ধেমাজিত ধবংস হৈছে চৰকাৰী ধনেৰে নিৰ্মিত ৰাজহুৱা সম্পত্তি ৷

ধেমাজিত চৰকাৰী ধনৰ অপচয় ৰোধৰ বাবে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উদ্যানখন সম্পূৰ্ণ উচ্ছেদ কৰি দিয়া হৈছে ৷ নলা-নৰ্দমা নিমাৰ্ণ কৰাৰ নামত সংশ্লিষ্ট বিভাগটোৱে মূল্যৱান গছ-গছনি কটাৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে পৰিষদে এই কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, তেওঁলোকে উন্নয়নৰ বিৰোধিতা কৰা নাই কিন্ত নগৰ উন্নয়ন সু-পৰিকল্পিত হ'ব লাগে ৷ অন্যথা ভৱিষ্যতে উচ্ছেদ হ’লে ৰাজহুৱা ধনৰ অপচয় হোৱাৰ সম্ভাৱনা থাকে ৷

জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰ

সেয়ে এনেদৰে চৰকাৰী ধন অপ ব্যৱহাৰ ৰোধ কৰাৰ বাবে দাবী জনাই মঙলবাৰে ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি লুকমনি গগৈ আৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে স্বাক্ষৰিত কৰা এখন স্মাৰকপত্ৰ ধেমাজি জিলা উপায়ুক্ত প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক :ৰাইজৰ দলত যোগ দিলে সমাজকৰ্মী নিৰন্ত গোঁহায়ে

ABOUT THE AUTHOR

...view details